Breaking

চাইনি এণ্ড তাজহেল্পিং হেণ্ড ছ’চিয়েল ফাউণ্ডেশ্যনৰ উদ্যোগত সামগ্রী বিতৰণ…

0 13

মানুহে মানুহৰ বাবে এই উদ্যেশ্য আগত ৰাখি চাইনি এণ্ড তাজহেল্পিং হেণ্ড ছ’চিয়েল ফাউণ্ডেশ্যনৰ উদ্যোগত আজি পশ্চিম বংশৰ মৌজাৰ ৰামদিয়া, হালোগাঁও, বংশৰ, ক্ষেত্ৰিহাৰদিয়া, নামপাৰা, কাঁহিবাৰী প্রায় দহখনকৈ গাঁৱৰ ডেৰ শতাধিক বিকলাংগ লোকক বিভিন্ন ধৰণৰ খাদ্যসামগ্ৰী, বাচন-বৰ্তন, কাপোৰ বিতৰণ কৰে। হাজোৰ বৰহাৰদিয়া প্রাথমিক বিদ্যালয় প্রাঙ্গনত এক সভাৰ জৰিয়তে সামগ্ৰী সমূহ বিতৰণ কৰা হয়।

সভাত সাগৰিকা ৰয়ে বক্তব্য প্ৰদান কৰি কয় বিভিন্ন সময়ত বিভিন্ন সমস্যা সন্মুখীন হোৱা লোক সকলৰ মাজত বিভিন্ন ধৰণে সহায় সহযোগিতা আগবঢ়ায় আহিছিলো কিন্তু হাজোৰ ক্ষেত্ৰিহাৰদিয়া অঞ্চলত দহখনকৈ গাঁৱৰ ডেৰ শতাধিক লোকক খাদ্যসামগ্রী বিতৰণ কৰি পায় নথৈ আনন্দিত হৈছো অনা গত দিনত সমূহত চাইনি এণ্ড

তাজহেল্পিং হেণ্ড ছচিয়েল ফাউণ্ডেশ্যনৰ উদ্যোগত এনেদৰে ৰাইজৰ মাজত বিভিন্ন ক্ষেত্রত সহায় সহযোগিতা আগবঢ়ায় নিব বুলি জানিব দিয়ে সভাৰ জৰিয়তে। অনুষ্ঠানত উপস্থিত থাকে- সাগৰিকা ৰয়, দিপাংকৰ ধৰ, চপন ডেকা, পার্বতি ডেকা আৰু শর্মিষ্ঠা দাস।

Leave A Reply