ডিফু, ২৮ জানুৱাৰী ২০২৫: East Karbi Anglong । মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন অসম চৰকাৰৰ সংখ্যালঘু উন্নয়ন বোৰ্ডৰ দ্বাৰা ২০২৩ আৰু ২০২৪ বিত্তীয় বৰ্ষত আৱণ্টিত পুঁজিৰ অধীনত পূব কাৰ্বি আংলঙৰ সংখ্যালঘু হিতাধিকাৰীসকলৰ মাজত উন্নয়নমূলক সামগ্ৰী বিতৰণ কৰা হয়।
ডিফুৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ কনফাৰেন্স হলত আয়োজিত এক বিশেষ অনুষ্ঠানত হিতাধিকাৰীসকলৰ মাজত ২ টা পেপাৰ প্লেট মেকিং মেচিন, ৬ খন ই-ৰিক্সা আৰু ৬ টা চিলাই মেচিন বিতৰণ কৰা হয়। অনুষ্ঠানটো অতিৰিক্ত জিলা উপায়ুক্ত মনচুৰ আহমেদ মজুমদাৰৰ পৰিচালনাত অনুষ্ঠিত হয়, য’ত উপস্থিত থাকে নিৰ্বাচনী বিষয়াৰ ব্ৰুহিদ ৰাভা আৰু সংখ্যালঘু উন্নয়ন বোৰ্ডৰ উপাধ্যক্ষ ৰাজবীৰ সিং।
উপাধ্যক্ষ ৰাজবীৰ সিঙে মুখ্য অতিথি হিচাপে উপস্থিত থেকে ভাষণত সংখ্যালঘু উন্নয়ন বোৰ্ডৰ উন্নয়নমূলক আঁচনিৰ প্ৰাসংগিকতা বৰ্ণনা কৰে। তেওঁ ই-ৰিক্সা আৰু আন সামগ্ৰী বিতৰণৰ মাজেৰে হিতাধিকাৰীসকলৰ জীৱনমান উন্নত কৰাৰ বাবে বোৰ্ডৰ প্ৰচেষ্টাক উচ্চপ্ৰশংসা কৰে।
বিতৰণ অনুষ্ঠানত হিতাধিকাৰীসকলক ই-ৰিক্সা আৰু আন সামগ্ৰী লাভ কৰি আত্মনিৰ্ভৰশীলতাৰ পথত আগবাঢ়ি যোৱাৰ সুযোগ প্ৰদান কৰাৰ বাবে আনন্দিত দেখা যায়। উপস্থিত হিতাধিকাৰীসকলে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ উন্নয়নমূলক দৃষ্টিভংগীক ভূয়সী প্ৰশংসা কৰে।
উপাধ্যক্ষ ৰাজবীৰ সিঙে কাৰ্বি আংলং জিলা উপায়ুক্ত কাৰ্যালয়ৰ কৰ্মীসকলৰ সহযোগিতাৰ প্রশংসা কৰি সামগ্ৰীবিলাক সঠিকভাৱে বিতৰণৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে। সংখ্যালঘু উন্নয়ন বোৰ্ডৰ এনে উন্নয়নমূলক পদক্ষেপসমূহে অঞ্চলটোৰ সংখ্যালঘু লোকসকলক আত্মনিৰ্ভৰশীলতাৰ পথত আগবাঢ়িবলৈ উল্লেখযোগ্য ভুমিকা পালন কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে।