Breaking

ৰাণীত ধানৰ বীজ আৰু কৃষিকৰ্মৰ সামগ্ৰী বিতৰণ

0 10

আজাৰা,২৯ জুন: কৃষক সকলক অৰ্থনৈতিক ভাৱে আগুৱাই নিয়াৰ ক্ষেত্ৰত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে ভালেমান আচনি ৰূপায়ণ কৰি আহিছে৷ উক্ত উল্লেখযোগ্য আঁচনি সমূহৰ ভিতৰত ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা, ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা অভিযান, প্ৰধানমন্ত্ৰী কৃষি সন্মান নিধি আচনি, প্ৰধানমন্ত্ৰী কৃষি সিচাই যোজনা, প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা, উদ্যান শস্যৰ বিভিন্ন যোজনা৷ উল্লিখিত আচনি সমূহ কৃষকৰ মাজলৈ নি কৃষি তথা শস্য উৎপাদন বৃদ্ধি বাবে ভালেমান ব্যৱস্থা কামৰূপ জিলা কৃষি বিভাগৰ দ্বাৰা হাতত লোৱা পৰিলক্ষিত হয়৷

সেই উদ্দেশ্যে কৃষি সামগ্ৰী বিতৰণ অনুষ্ঠানৰ জৰিয়তে বিভিন্ন শস্যৰ বীজৰ লগতে আন আন কৃষি সামগ্ৰী সমূহ সময়ে সময়ে বিতৰন কৰি আহিছে৷ এই উপলক্ষে গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ কৃষি প্ৰধান অঞ্চল হিচাপে পৰিচিত ৰাণীত ২৮ জুনত ৰাণী কৃষি উন্নয়ন বিষয়াৰ কাৰ্যালয়ত কৃষক ৰাইজৰ উপস্থিতিত বিভিন্ন শস্যৰ বীজ , বিভিন্ন উন্নত মানৰ ধানৰ বীজ আৰু সেউজ গৃহ সা সজুলী বিতৰণ কৰা হয়৷ বিতৰণ কাৰ্যসূচীত ৰাণী কৃষি উন্নয়ন বিষয়া কাৰ্যালয়ৰ কৃষি সম্প্ৰসাৰণ সহায়ক অচ্যুত বৰ্মনকে ধৰি আন কৰ্মচাৰী সকলে সহযোগিতা আগবঢ়ায়।

Leave A Reply