Breaking

আৰক্ষী প্ৰশাসন আৰু ৰাইজৰ মাজত আন্তঃ মঙলদৈ ছাত্ৰ সন্থাৰ চেনিটাইজাৰ, মাস্ক বিতৰণ :

0 47

উজ্জ্বল জ্যোতি ডেকা, মঙ্গলদৈ

ক’ৰোণা মহামাৰীৰ তাণ্ডৱৰ সময়চোৱাত আৰক্ষী আৰু প্ৰশাসনে পালন কৰা ভূমিকাৰ বাবে আজি ২ জুন ২০২০ তাৰিখে আন্তঃমঙলদৈ ছাত্ৰ সন্থাই দৰং জিলাৰ সদৰ থানা, উপায়ুক্তৰ কাৰ্যালয়, আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত উপস্থিত হৈ আৰক্ষী সকলৰ মাজত চেনিটাইজাৰ, মাস্ক আদি প্ৰদান কৰাৰ লগতে মঙলদৈ চহৰৰ বিভিন্ন প্ৰান্তত উপস্থিত হৈ ৰাইজৰ এচামৰ মাজত চেনিটাইজাৰ, মাস্ক আদি বিতৰণ কৰে ইয়াৰ লগতে জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষকৰ লগতে,প্ৰশাসনিক বিষয়া সকলক তেওঁলোকে একোখনকৈ গামোচাৰে কৃতজ্ঞতা জনাই।উক্ত কাৰ্যৰ সৈতে কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক অৰূপ কলিতা, আন্তঃ মঙলদৈ ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি অজয় শইকীয়া, সাধাৰণ সম্পাদক: সত্য ৰঞ্জন ডেকা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ আছু গোটৰ সাধাৰণ সম্পাদক গৌৰাঙ্গ কলিতা, ডিব্ৰুগড় বিশ্ববিদ্যালয় আছু গোটৰ শিক্ষা সম্পাদক ভাস্কৰ জ্যোতি ডেকা, সাংগঠনিক সম্পাদক বেদব্ৰত শৰ্মা, মঙলদৈ বাণিজ্য মহাবিদ্যালয় আছুগোটৰ সভাপতি চাহিল চৌধুৰী, সম্পাদক শশাংক ভাগৱতী আদিৰ লগতে আন্তঃ মঙলদৈ ছাত্ৰ সন্থাৰ সদস্য সকল জড়িত থাকে।

Leave A Reply

Your email address will not be published.