৮ নবেম্বৰত ওদালগুৰি জিলাৰ ওৰাঙৰ ধনশ্ৰীঘাটত ২ নং নলবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত ছাত্ৰ ছাত্ৰী সকলৰ মাজত ১৪২ খন চাইকেল বিতৰন কৰা হয় । প্ৰমোদ বড়ো নেতৃত্বাধীন বিটিআৰ চৰকাৰৰ ই এম নিলুৎ স্বগীযাৰীযে ৮ নবেম্বৰত বিদ্যালয় খনৰ নবম আৰু দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী সকলৰ মাজত চাইকেল সমুহ বিতৰন কৰে ।দুখীয়া নিচলা মেধাবী ছাত্ৰ ছাত্ৰী সকলৰ মাজত চাইকেল বিতৰনি কাৰ্যসূচীত উপষ্ঠিত থাকি ই এম নীলোৎ স্বগীয়াৰীযে ছাএ ছাত্ৰী সকলে অধিক উৎসাহেৰে অধ্যযন কৰিবলৈ শিক্ষাৰ্থী সকলৰ মাজত আত্মবিশ্বাস ৰখাৰ বাবে পৰিবেশ অনূকূল আৰু পৰিবহন স্বাস্থ্যকৰ অভিযান প্ৰচাৰৰ বাবে ফ্ৰেগশ্বিপ মিছনটো আৰম্ভ কৰা হৈছে বুলি মন্তব্য কৰে । বিটিআৰ চৰকাৰৰ এনে প্ৰশংসনীয় পদক্ষেপৰ বাবে বিদ্যালয় খনৰ শিক্ষক, ছাত্ৰ ছাত্ৰী ,অভিভাবক সন্মনিতে সকলৱে প্ৰশংসা কৰিছে ।