District Commissioner ব্ৰহ্মপুত্ৰৰ চাপৰিত স্বেচ্ছাসেৱী সংস্থাৰ আশ্ৰয় গৃহ নিৰ্মাণ। উক্ত গৃহটো আনুষ্ঠানিকভাবে উদ্বোধন কৰে মৰিগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই

District Commissioner ব্ৰহ্মপুত্ৰৰ চাপৰিত স্বেচ্ছাসেৱী সংস্থাৰ আশ্ৰয় গৃহ নিৰ্মাণ। উক্ত গৃহটো আনুষ্ঠানিকভাবে উদ্বোধন কৰে মৰিগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই দুই শতাধিক বানাক্রান্তই আশ্রয় গ্রহণ কৰিব পৰাকৈ নির্মাণ কৰি উলিওৱা বান আশ্রয় গৃহটোত শৌচাগাৰ আৰু ৰান্ধি খোৱা বোৱাৰ বাবে পাকঘৰৰ ব্যৱস্থা কৰি দিয়া হৈছে।

District Commissioner মহাবাহু ব্রহ্মপুত্রৰ প্রলয়ংকৰী বানে হাহাকাৰ পৰিবেশ সৃষ্টি কৰা লাহৰীঘাট ৰাজহচক্ৰৰ কাঠনি চাপৰিত বানাক্ৰান্তৰ বাবে বান আশ্রয় গৃহ নির্মাণৰ দৰে আদৰণীয় পদক্ষেপ গ্রহণ কৰি সকলোৰে দৃষ্টি আকর্ষণ কৰিছে স্বেচ্ছাসেৱী সংগঠনে। মৰিগাঁও জিলা আযুক্ত দেৱাশীষ শৰ্মাৰ এক প্রচেষ্টাত যোৰহাটৰ এটা স্বেচ্ছাসেৱী সংস্থা শৰৎ চন্দ্র কাগতি চেৰিটেবল দ্বাৰা নির্মাণ কার্য সম্পাদন কৰা উক্ত গৃহটো আনুষ্ঠানিকভাবে উদ্বোধন কৰে Morigaon District Commissionerমৰিগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই। ব্ৰহ্মপুত্রৰ কাষতে বৃহৎ পৰিমাণৰ টকা খৰছ কৰি নির্মাণ কৰি উলিওৱা বান আশ্রায় গৃহটো উদ্বোধন কৰি আয়ুক্ত দেৱাশীষ শৰ্মাই কয়: বন্যার্তৰ দুখদুর্গতি দেখি শৰৎ চন্দ্র কাগতি নামৰ স্বেচ্ছাসেৱী।সংস্থাটোৱে এই বান আশ্রয় গৃহটো নির্মাণ কৰি দিছে। এইটো বৰ ভাল কাম হৈছে। মানৱতাৰ কাম হৈছে। বানৰ সময়ত নিৰাপত্তাহীনতাত ভোগা, এডোখৰ ঠাই বিচাৰি হাহাকাৰ কৰা মানুহখিনিৰ বাবে এনেদৰে বান আশ্রয় গৃহ নির্মাণ কৰি এক নিদর্শন দাঙি ধৰিছে যোৰহাটৰ স্বেচ্ছাসেৱী অনুষ্ঠানটোৱে। ইয়াৰ বাবে সংস্থাটো ধন্যবাদৰ পাত্র। সমান্তৰালভাৱে Morigaon District Commissioner মৰিগাঁও জিলাৰ আয়ুক্তগৰাকীকো ধন্যবাদ দিছে কাঠনি গাৱৰ ৰাইজে। দুই শতাধিক বানাক্রান্তই আশ্রয় গ্রহণ কৰিব পৰাকৈ নির্মাণ কৰি উলিওৱা বান আশ্রয় গৃহটোত শৌচাগাৰ আৰু ৰান্ধি খোৱা বোৱাৰ বাবে পাকঘৰৰ ব্যৱস্থা কৰি দিয়া হৈছে। বান আশ্ৰয় গৃহটো সাজি দিয়া শৰৎ চন্দ্র কাগতি চেৰিটেবল ট্রাষ্টৰ বিষয়ববীয়াসকলকো কাঠনি গাৱৰ ৰাইজে ধন্যবাদ জ্ঞাপন কৰে।

অধিক খৱৰ বাবে পঢ়ক বিজেপি সভাপতি ভৱেশ কলিতাৰ বিৰুদ্ধে ভঙাঘৰ থানাত এজাহাৰশ কলিতাৰ বিৰুদ্ধে ভঙাঘৰ থানাত এজাহাৰ

Related Articles