ৰাজ্য জুৰি অব্যাহত আছে কৰ’ণাৰ মহামাৰী ।এই পৰিবেশে ইতিমধ্যে জুৰুলা কৰিছে দেশ আৰু ৰাজ্যৰ অৰ্থনীতি ।ৰাইজৰ ককাল ভঙা সমস্যা মাজতে হুৰাহুৰে বৃদ্ধি পাইছে অত্যাবশ্যকীয় সামগ্ৰীৰ সমূহৰ মূল্য, ৰাইজক মাধমাৰ দিয়া চৰকাৰৰ বিৰুদ্ধে মূল্য বৃদ্ধি ৰোধ কৰাৰ লগতে বৰ্তমান চৰকাৰ খনে বিত্তীয় ব্যৱস্থাপনাৰ ভুল পৰিচালনাৰ প্ৰতিবাদত আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নিৰ্দেশমৰ্মে মৰিগাঁও জিলা কংগ্ৰেছ কমিটিয়ে মৰিগাঁও জিলা কংগ্ৰেছৰ কায্যালয়লৈ পৰা প্ৰতিবাদ সাব্যস্ত কৰি আহি জিলা মাজ মজিয়াত থকা বিহুতলী প্ৰাংগনত এক জন জাগৰণৰ অভিযান সাব্যস্ত কৰে । কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আৰু জিলা সমিতি সহযোগত আকাশলংঘী মূল্য বৃদ্ধি প্ৰতিবাদত কৰা কাৰ্য্যসূচী খনত অংশগ্ৰহণৰ কৰে সাংসদ প্ৰদুৎ বৰদলৈ, প্ৰাক্তন বিধায়িকা জোনজোনালী বৰুৱা, সাধাৰণ সম্পাদক শশী মোহন বিশ্বাসৰ লগতে মৰিগাঁও জিলা কংগ্ৰেছৰ সমিতি ৰ্কমী সকল | লগতে কৃষকৰ তিনি কৃষক আইন বাতিল হোৱাৰ বাবে সমগ্ৰ ৰাজ্যৰ লগতে মৰিগাঁৱতো কৃষক বিজয় দিৱস পালন কৰি সংবাদ মেল প্ৰদান কৰে |