Breaking

জিলা আইন সেৱা প্ৰাধিকাৰী নগাঁৱৰ উদ্যোগত ‘বেটি বচাও বেটি পঢ়াও’ শীৰ্ষক বানীৰে বাটৰ নাট প্ৰদৰ্শন…

0 65

“বেটি বচাও, বেটি পঢ়াও” এই শ্লোগানক বাস্তৱায়িত কৰাৰ লক্ষ্যৰে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে জিলা আইন সেৱা প্ৰাধীকাৰী নগাঁৱৰ উদ্যোগত আৰু নগাঁও আইন মহাবিদ্যালয়ৰ সহযোগত নগাঁও চহৰৰ নগাঁও কলেজ পইণ্টত এখনি সজাগতা বাটৰ নাট প্ৰদৰ্শন কৰা হয়।

বিশেষকৈ আগন্তুক প্ৰাক স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি আমাৰ সমাজত কন্যা শিশু সকলক সুৰক্ষা দিয়া আৰু পঢ়া শুনা কৰাৰ অধিকাৰ প্ৰদান কৰাৰ ক্ষেত্ৰত সকলোৰে মাজত সজাগতা সৃষ্টিৰ এক অভিনৱ পদক্ষেপ গ্ৰহণ কৰিয়েই জিলা আইন সেৱা প্ৰাধিকাৰী নগাঁৱৰ তৰফৰ পৰা ব্যৱস্থা লোৱা হৈছে বুলি জিলা আইন সেৱা প্ৰাধিকাৰীৰ সচিব মনিকা মিছঙে সংবাদ মাধ্যমৰ জৰিয়তে জনাই।

Leave A Reply

Your email address will not be published.