মৈৰাবাৰীত জিলা পৰিবহন বিভাগৰ অভিযান

মৈৰাবাৰীৰ অলিয়ে গলিয়ে নথি পত্ৰ বিহীন বাবে চলাচল কৰি থকা ট্ৰেক্টৰ, ডাম্পাৰ আৰু ই-ৰিক্সাই বিগত কিছুদিন ধৰি সকলোকে জ্বলা কলা খুৱাই আছে।

সমান্তৰালকৈ এই সন্দৰ্ভত বাতৰিও পৰিবেশিত হৈ আছিল।

আজি মৰিগাঁও জিলা পৰিবহন বিভাগে মৈৰাবাৰী বজাৰৰ লগতে অঞ্চলত অবৈধ বাবে চলি থকা কেইবাখনো ই ৰিক্সা জব্দ কৰে।

তাৰ লগতে ভালেসংখ্যক ই ৰিক্সা চালকক বৈধ নথি নথকাৰ বাবে পাঁচ হাজাৰৰ পৰা ১৪ হাজাৰলৈ জৰিমনাও বিহে।

Related Articles