Breaking

প্ৰধান শিক্ষকৰ সৈতে জিলা ভিত্তিক মত বিনিময় সভা সম্পন্ন…

0 48

আজি বৰপেটা জিলা সমগ্র শিক্ষাৰ উদ্যোগত জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত গুণোৎসৱ ২০২৩ ত C আৰু D গ্ৰেড প্ৰাপ্ত বিদ্যালয়বোৰৰ প্ৰধান শিক্ষক সকলৰ সৈতে এখন জিলা ভিত্তিক মত বিনিময় সভা অনুষ্ঠিত হয়। উক্ত সভাত বিগত গুণোৎসৱত নিম্নমানৰ প্ৰদৰ্শন কৰা বিদ্যালয়সমূহৰ শৈক্ষিক দিশৰ লগতে আন আন সমস্যা সমূহ পৰ্যালোচনা কৰা হয়। সভাত বৰপেটা জিলাৰ জিলা আয়ুক্ত আয়ুস গাৰ্গ, আই এ এছ অতিৰিক্ত জিলা আয়ুক্ত লখিমী দত্ত, বিদ্যালয় সমূহৰ পৰিদৰ্শক ৰাতুল দাস, ডায়েট বৰপেটাৰ অধ্যক্ষ মৃণাল চৌধুৰী আৰু বৰপেটা জিলা Academic Council ৰ সদস্যসকলৰ উপৰিও বিভিন্ন পৰ্য্যায়ৰ শিক্ষা বিষয়াসকল আৰু জিলা আচঁনি বিষয়াসকল উপস্থিত থাকে। সভাৰ আঁত ধৰে সমগ্ৰ শিক্ষাৰ জিলা আচঁনি বিষয়া ৰঞ্জন দাসে।

বিদ্যালয় প্ৰধানসকলে বিদ্যালয় সমূহৰ বিভিন্ন সমস্যা, অভাৱ-অভিযোগ সমূহ বৰপেটা জিলাৰ আয়ুক্ত আৰু অতিৰিক্ত আয়ুক্তক অবগত কৰে আৰু আয়ুক্ত ডাঙৰীয়াই কিছুমান সমস্যাৰ লগে লগে সমাধানৰ পথ দেখুৱায় আৰু বাকী সমস্যাসমূহ শ্ৰীঘ্ৰে সমাধানৰ আশ্বাস দিয়ে। আয়ুক্ত ডাঙৰীয়াই যিবোৰ বিদ্যালয়ত বিষয় শিক্ষকৰ অভাৱ আছে তেনেবোৰ বিদ্যালয়ৰ আন এজন শিক্ষকক জিলা পৰ্য্যায়ত প্ৰশিক্ষণ দি সাময়িকভাবে সকাহৰ ব্যৱস্থা কৰিব বুলি কয়। লগতে Rationalization ৰ যোগেদি শিক্ষকৰ অভাৱ পৰ্য্যায়ক্ৰমে পূৰ হ’ব বুলি কয়। সভাত উপস্থিত থাকি অতিৰিক্ত আয়ুক্ত তথা সমগ্ৰ শিক্ষা ‌বৰপেটাৰ জিলা মিছন সমন্বয়ক লখিমী দত্তই বিদ্যাঞ্জলীৰ যোগেদি স্হানীয় শিক্ষিত যুৱক যুৱতীৰ দ্বাৰা পাঠদান ব্যৱস্থা কৰিবলৈ বিদ্যালয় প্ৰধান সকলক আহ্বান জনায়।

Leave A Reply