Diwali: দীপাৱলীৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীয়ে লাভ কৰিব পাৰে সুখবৰ,৩ শতাংশ ডি এ বৃদ্ধি পোৱাৰ সম্ভাৱনা

দৈনন্দিন বাৰ্তাৰ অনলাইন ফিচাৰ, ১৫ অক্টোবৰঃ Diwali। দীপাৱলীৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীয়ে লাভ কৰিব পাৰে সুখবৰ। চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ ডিয়াৰনেছ এলাৱেন্স (ডি এ) ৩ শতাংশ বৃদ্ধি কৰাৰ সম্ভাৱনা আছে। আগন্তুক কেবিনেট বৈঠকতে এই সিদ্ধান্ত গ্ৰহণ কৰাৰ সম্ভাৱনা থকা বুলি জানিব পৰা গৈছে। বিশেষ সূত্ৰই প্ৰকাশ কৰা মতে ৩১ অক্টোবৰৰ আশে-পাশে দীপাৱলী উদযাপনৰ লগত সংগতি ৰাখি ডিএ বৃদ্ধিৰ আনুষ্ঠানিক ঘোষণা কৰাৰ সম্ভাৱনা আছে।

উল্লেখ্য ডিয়াৰনেছ ভাট্টা নির্ধাৰণ কৰা হয় সৰ্বভাৰতীয় গ্ৰাহক মূল্য সূচকাংক (এআইচিপিআই) ব্যৱহাৰ কৰি। এই সূচকাংকই খুচুৰা মূল্যৰ গতিবিধি অনুসৰণ কৰে, যাৰ ফলত চৰকাৰী কৰ্মচাৰীৰ ক্ৰয় ক্ষমতাক মুদ্ৰাস্ফীতিৰ বিৰুদ্ধে সুৰক্ষিত কৰাৰ ক্ষেত্ৰত ডি এ এক গুৰুত্বপূৰ্ণ উপাদান হিচাপে গণ্য কৰা হয়। যদিহে ৩ শতাংশ ডিএ বৃদ্ধিত অনুমোদন জনোৱা হয় তেন্তে বৰ্তমানৰ ৫০ শতাংশ ডি এ হাৰ ৫৩ শতাংশলৈ বৃদ্ধি হ’ব, যি ২০২৪ চনৰ ১ জুলাইৰ পৰা কাৰ্যকৰী হ’ব ।

শেহতীয়াকৈ হিমাচল প্ৰদেশ চৰকাৰে দশেহাৰাৰ পূৰ্বে ৪ শতাংশ ডি এ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে, যাৰ ফলত ৰাজ্যখনৰ প্ৰায় ১.৮০ লাখ কৰ্মচাৰী আৰু ১.৭০ লাখ পেঞ্চনাৰ উপকৃত হৈছে।

Related Articles