শৰীৰত কি কি সমস্য়া হ’লে হালধি খাব নালাগে…। হালধিক আয়ুৰ্বেদৰ ঔষধ বুলি গণ্য কৰা হয় কাৰণ ই আমাৰ শৰীৰক বহু দিশত উপকৃত কৰিব পাৰে। কিন্তু কিছুমান মানুহে এই হালধি সেৱন কৰা উচিত নহয়। জানো আহক কোন কোন মানুহে বেছিকৈ হালধি সেৱন কৰিব নালাগে-
১/ ডায়েবেটিছ ৰোগী
ডায়েবেটিছ ৰোগত আক্ৰান্ত লোকসকলে সাধাৰণতে তেজ পাতল কৰি ৰাখিবলৈ বহু ঔষধ সেৱন কৰে, লগতে গ্লুক’জৰ মাত্ৰা নিয়ন্ত্ৰণ কৰিব লগা হয়। যদি ডায়েবেটিছ ৰোগীয়ে অত্যধিক হালধি সেৱন কৰে, তেন্তে তেওঁলোকৰ শৰীৰত তেজৰ পৰিমাণ যথেষ্ট বাঢ়ি যাব, যিটো শৰীৰৰ বাবে একেবাৰেই ভাল নহয়।
২/ জণ্ডিচ ৰোগী
যিসকল লোকৰ জণ্ডিচ ৰোগ আছে তেওঁলোকে যিমান পাৰি হালধি পৰিহাৰ কৰিব লাগে। যদি আপুনি হালধি খাব বিচাৰে তেন্তে ইয়াৰ বাবে চিকিৎসকৰ পৰামৰ্শ লওক, নহ’লে আপোনাৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে।
৩/ ষ্টোন ৰোগী
ষ্টোন এটা অতি জটিল ৰোগ, যিসকলে এই সমস্যাৰ সন্মুখীন হয় তেওঁলোকে বহুত কষ্টৰ সন্মুখীন হ’বলগীয়া হয়। এই ক্ষেত্ৰত হালধি সেৱন কমাই দিব, নহ’লে সমস্যা বাঢ়িব পাৰে।
৪/ ৰোগীৰ ৰক্তক্ষৰণ
নাক বা শৰীৰৰ যিকোনো অংশৰ পৰা ৰক্তক্ষৰণ হোৱা লোকসকলে হালধি সেৱন কমাই দিব লাগে। অন্যথা ৰক্তক্ষৰণ বাঢ়িব পাৰে আৰু শৰীৰত ৰক্তহীনতা হ’ব পাৰে, যি পিছলৈ দুৰ্বলতাৰ কাৰণ হৈ পৰিব।