Breaking

আপুনিও আপোনাৰ সন্তানক চাহ-বিস্কুট দিয়ে নেকি? তেনে ভূল নকৰিব…

0 26

সন্তান জন্ম হ’লে প্ৰথম ৬ মাহ মাকৰ গাখীৰ খাবলৈ দিয়া হয়। ইয়াৰ পিছত শিশুটিক বেলেগ খাদ্য খুৱাবলৈ আৰম্ভ কৰা হয়। এই বেলেগ খাদ্যৰ ভিতৰত আপুনি আপোনাৰ সন্তানক চাহ-বিস্কুট দিয়ে নেকি? কিন্তু শিশুক চাহ-বিস্কুট খুৱাব নালাগে। ইয়াৰ আঁৰৰ কাৰণ কি জানি লওক…

১) বিস্কুট আটাৰ পৰা তৈয়াৰ কৰা হয় য’ত চেনি আৰু কল তেলও থাকে।

২) চেনি আৰু কল তেলে শিশুৰ স্বাস্থ্যৰ ক্ষতি কৰিব পাৰে।

৩)বিস্কুটত ব্যৱসায়িক সংৰক্ষক পদাৰ্থ থাকে, যিয়ে শৰীৰত থকা তেজ নষ্ট কৰিব পাৰে।

৫)বিস্কুটত সোৱাদ দিবলৈ ব্যৱহাৰ কৰা বস্তুবোৰে হাওঁফাওঁৰ ৰোগ আৰু মগজুৰ ক্ষতিও কৰিব পাৰে।

৭) আনহাতে চাহ খোৱাৰ ফলত শিশুৰ অত্যধিক অস্থিৰতা, টোপনি নোহোৱা আৰু আইৰণ শোষণত বাধাৰ সৃষ্টি হয়।

৮) চাহত চেনি মিহলি হয় যিটো উচ্চ কেলৰিযুক্ত খাদ্য, ই মেদবহুলতা বৃদ্ধি কৰে যিটো স্বাস্থ্যৰ বাবে উপকাৰী নহয়।

৯)চাহ খোৱাৰ ফলত শিশুৰ পাচনতন্ত্ৰত অতি বেয়া প্ৰভাৱ পৰে, ই কোষ্ঠকাঠিন্য, বদহজম আৰু গেছৰ সম্ভাৱনা বৃদ্ধি কৰে।

Leave A Reply