Breaking

দাঁতেৰে নখ কামোৰে নেকি? এই বেয়া অভ্যাস ৰোধ কৰিবলৈ কি কৰিব…

0 41

বহুতে মানসিক চাপ, বিৰক্ত, উদ্বিগ্নত থাকিলে অজানিতে নখ দাঁতৰ ওচৰলৈ যায়।যদিও এই অভ্যাসে সাময়িক তৃপ্তি দিয়ে, তথাপিও ই শৰীৰৰ বাবে একেবাৰেই ভাল নহয়।ডাঙৰ হোৱাৰ পিছতো বহুতে সৰু কালৰ এই বেয়া অভ্যাস এৰিব নোৱাৰে। নখত সৰ্বাধিক বেক্টেৰিয়া থাকে।দাঁতেৰে নখ কামুৰিলে বেক্টেৰিয়া মুখলৈ স্থানান্তৰিত হয়।যাৰ ফলত পেটৰ সংক্ৰমণ হ’ব পাৰে।শিশুক নখ কামোৰা বেছিকৈ দেখা যায়।

এই বেয়া অভ্যাস ৰোধ কৰিবলৈ কি কৰিব, জানেনে-

১) নখবোৰ দীঘল হ’লে দাঁতেৰে নখ কামোৰা পৰা প্ৰৱণতা বাঢ়ে। গতিকে নখবোৰ চুটিকৈ কাটি লওক। নখতো মলি জমা হয়।

২) নখত নেইল পলিচ লগাওক। তেতিয়া দাঁতেৰে নখ কামুৰিলে নখ পলিচৰ তিতা সোৱাদ পাব আৰু সেই কামৰ পৰা বিৰত থাকিব।

৩) নখবোৰ মাজে মাজে মেনিকিউৰ কৰক। সাৱধানে মেনিকিউৰ কৰা নখ এটা দাঁতেৰে কামোৰাৰ আগতে দুবাৰ ভাবিব।

৪)দাঁতেৰে নখ কামোৰাৰ আঁৰৰ এটা কাৰণ হ’ল কিবা কাৰণত হোৱা মানসিক চাপ বা উদ্বেগ। মানসিক চাপ কম কৰিবলৈ ধ্যান, প্ৰাণায়াম, যোগাসন কৰক। শৰীৰ আৰু মন দুয়োটা ভাল হ’ব।

Leave A Reply

Your email address will not be published.