Breaking

নিয়ম অনুসৰি ‘ডিটক্স পানী’ খাইছে নে? প্ৰয়োজনতকৈ অধিক ডিটক্স পানী খালে ছডিয়ামৰ মাত্ৰা কমি যায় শৰীৰত…

0 32

যিকোনো বস্তু বেছিকৈ খোৱাটো শৰীৰৰ বাবে উপকাৰী নহয়। আজিকালি ডিটক্স পানী সকলোৱে খাই। “ডিটক্স পানী” সঠিকভাৱে আৰু সঠিক পৰিমাণত নাখালে শৰীৰৰ ক্ষতিও হ’ব পাৰে। আমি সকলোৱে দিনটোত কমেও দুইৰ পৰা তিনি লিটাৰ পানী খাব লাগে, যাতে শৰীৰে প্ৰয়োজনীয় পানী পায় আৰু প্ৰদূষক পদাৰ্থবোৰ বাহিৰ কৰি দিয়ে। কিন্তু ব্যস্ত জীৱনত পৰ্যাপ্ত পানী খোৱা সম্ভৱ নহয়! সুস্থ হৈ থাকিবলৈ পানীৰ লগত কোনো ধৰণৰ আপোচ কৰিব নালাগে। আৰু এই কাৰণেই বহুতে ‘ডিটক্স পানী’ৰ ওপৰত নিৰ্ভৰ কৰে।

আনহাতে “ডিটক্স পানী” সঠিক পৰিমাণত আৰু সঠিক নিয়ম পালন নকৰিলে শৰীৰৰ ক্ষতিও হ’ব পাৰে-

১)প্ৰয়োজনতকৈ অধিক ডিটক্স পানী খালে শৰীৰত ছডিয়ামৰ মাত্ৰা কমি যায়। অত্যধিক প্ৰস্ৰাৱৰ ফলত তেজত ছডিয়ামৰ মাত্ৰা কমি গ’লে ভাগৰুৱা হয় শৰীৰ।

২) শৰীৰৰ বাবে প্ৰয়োজনীয় পানীৰ পৰিমাণ প্ৰতিজন ব্যক্তিৰ ওজন আৰু কৰ্মক্ষমতাৰ ওপৰত নিৰ্ভৰ কৰে। কোনে কিমান পানী খাব সেই পানীৰ চাহিদাৰ ওপৰত নিৰ্ভৰ কৰিব। কেইবাটাও ৰোগত পানীৰ পৰিমাণ কমাব লাগে।

৩) অতিৰিক্ত ডিটক্স পানী খালে খাদ্যৰ লোভ কমি যায়। ফলত শৰীৰত ভিটামিন আৰু খনিজ পদাৰ্থৰ অভাৱ হ’ব পাৰে।

৪)ডিটক্স পানীয়ে সাময়িকভাৱে ওজন কমাবলৈ সহায় কৰে। কিন্তু এই প্ৰথা দীৰ্ঘদিন ধৰি চলি থাকিলে বিপাকীয় হাৰ কমি যায়। গেছৰ সমস্যা হ’ব পাৰে।

Leave A Reply

Your email address will not be published.