Breaking

পেট ভৰাৰ পিছতো কেক, বিস্কুট, ঝালমুৰি খাবলৈ মন যায় নেকি? ভোক নালাগিলেও কিয় খাবলৈ মন যায় জানক…

0 33

ভোকত নাথাকিব কেতিয়াও।বহুদেৰি উপবাসে থাকিলে গেছ-হাৰ্টবাৰ্ণ হোৱাৰ সম্ভাৱনা। লগতে আলচাৰ হোৱাৰ আশংকাও থাকে। সেয়েহে বহু সময়লৈকে খাদ্য গ্ৰহণ নকৰাকৈ থকাতকে খাদ্য খোৱাৰ অভ্যাসটোৱেই আটাইতকৈ স্বাস্থ্যকৰ। কম পৰিমাণে খালেও ভোক মাৰ যায়। আনহাতে কিছুমান মানুহৰ আকৌ ভোক নালাগিলেও কিবাকিবি খাবলৈ মন গৈ থাকে। বহুতে খোৱা-বোৱাৰ ক্ষেত্ৰত অতি কঠোৰ নিয়ম মানি চলে। খাদ্য দেখিলেই নিজকে নিয়ন্ত্ৰণ কৰিব নোৱাৰে। চকুৰ সন্মুখত খাদ্য দেখিলে খাবলৈ মন যোৱাৰ ফলত ওজন বাঢ়ি যায়। তাৰ লগে লগে ডায়েবেটিছ, কলেষ্টেৰল, ইউৰিক এচিডৰ সম্ভাৱনাও বৃদ্ধি পায়।


খাদ্য দেখিলেই খাবলৈ মন যোৱাৰ এই অভ্যাস কেনেকৈ নিয়ন্ত্ৰণ কৰিব-

১) নিজৰ শৰীৰৰ ভাল বেয়া বুজিব লাগিব। ইচ্ছামতে খাদ্য খোৱাৰ প্ৰৱণতা দমন কৰিব লাগে। নহ’লে পিছত স্বাস্থ্যৰ ক্ষতিৰ সম্ভাৱনা।

২) সঠিক সময়ত সঠিক পৰিমাণৰ খাদ্য খাবলৈ চেষ্টা কৰক। সময়মতে সন্তোষজনক খাদ্য গ্ৰহণ কৰিলে এই প্ৰৱণতা নিয়ন্ত্ৰণলৈ আনিব পাৰিব। লগতে সকলো সময়তে চিপচ, ভুজিয়া, অন্যান্য পানীয় খোৱা বাদ দিয়ক।

৩) প্ৰটিন আৰু আঁহৰ পৰিমাণ শৰীৰলৈ গ’লে ভোক অনুভৱ নহয়। গতিকে প্ৰটিন, চৰ্বি, কাৰ্বহাইড্ৰেট থকা খাদ্য খাব। এনে খাদ্যই বহু সময়লৈকে পেটটো ভৰাই ৰাখিব। খাদ্য খোৱাৰ হেঁপাহও নহ’ব।

Leave A Reply

Your email address will not be published.