Breaking

গৰমৰ ঘামৰ গোন্ধত অশান্তি পায় নেকি? শৰীৰৰ ঘামৰ গোন্ধৰ আছে বহু কাৰণ…

0 127

গৰমত আমাৰ শৰীৰৰ পৰা ঘাম ওলাই। বহু লোকৰ শৰীৰৰ পৰা ওলোৱা ঘামৰ ফলত গোন্ধ ওলাই। ঘামৰ গোন্ধৰ ফলত নিজৰ লগতে কাষৰত থকা ব্যক্তিসকলেও অসান্তি লাভ কৰে। প্ৰায়ে দেখা যায় যে কিছুমান মানুহৰ ঘামত অত্যধিক গোন্ধ ওলায়। আনহাতে ছালত উপস্থিত বেক্টেৰিয়াবোৰ ঘামৰ লগত মিহলি হৈ এই দুৰ্গন্ধ আৰু অধিক বৃদ্ধি কৰে। বহু সময়ত হৰমন, টেঙা খাদ্য, সংক্ৰমণ, ঔষধ আৰু ডায়েবেটিছৰ বাবেও ঘামৰ বেছি দুৰ্গন্ধ ওলায়। ঘামৰ দুৰ্গন্ধৰ কাৰণ কি জানো আহক-


বহু সময়ত আমাৰ শৰীৰৰ হৰম’নৰ ফলত ঘামৰ গোন্ধ বাঢ়ি যায়। গৰ্ভাৱস্থা আৰু ৰজোনিবৃত্তিৰ সময়ত ঘামগ্ৰন্থিৰ কাৰ্যকলাপ যথেষ্ট বৃদ্ধি পায়। যাৰ বাবে আমাৰ অধিক ঘামচি ওলায় আৰু ইয়াৰ ফলত ঘামত অধিক দুৰ্গন্ধৰ সৃষ্টি হয়। আপোনালোকক কওঁ যে ডায়েবেটিছকে ধৰি এনে বহুতো ৰোগ আছে যাৰ বাবে ঘাম ওলায় আৰু ঘামৰ লগতে বেয়া গোন্ধও বহুত ওলাই। ডায়েবেটিছৰ বাহিৰেও মেদবহুলতা, থাইৰয়ড, বৃক্কৰ সংক্ৰমণ দৰে ৰোগৰ ফলত ঘামৰ পৰা বহুত বেয়া গোন্ধ ওলায়। বহুতে অতি টেঙা খাদ্য খায় আৰু খাদ্যত পিঁয়াজ, নহৰু, আদা আৰু জলকিয়া বেছিকৈ ব্যৱহাৰ কৰে। তেনে লোকৰ ঘামও বহুত ওলায়। ইয়াৰ উপৰিও যিসকলে মদ আৰু কেফেইন বেছিকৈ সেৱন কৰে তেওঁলোকৰ ঘামৰ পৰাও বহুত গোন্ধ ওলায়।

Leave A Reply

Your email address will not be published.