কঁঠাল খাই আপুনি বেয়া পায় নেকি ? কঁঠালৰ গুণাগুৰ বিষয়ে শুনিলে আচৰিত হৈ পৰিব আপুনি …..

কঁঠাল হৈছে পুষ্টিৰে ভৰপূৰ, স্বাস্থ্যৰ পক্ষে অতি উপকাৰী এবিধ সুস্বাদু ফল। গা‌ওঁ অঞ্চলত প্ৰায় সকলোৰে ঘৰত কঠালৰ গছ দেখিবলৈ পোৱা যায়।ফল হিচাপে কঠালৰ আকৃতি যথেষ্ট ডাঙৰ।

কঁঠালৰ ফল, কঠালৰ তৰকাৰী আৰু কঠালৰ বীজ খাই হয়তো সকলোৱে ভাল পায়।

সাধাৰণতে কঠাল বাংলাদেশ আৰু শ্ৰীলংকাৰ ৰাষ্ট্ৰীয় ফল।আমাৰ দেশ ভাৰতবৰ্ষৰ কেৰেলা আৰু তামিলনাডু ৰাজ্যৰো ৰাজ্যিক ফল এই কঁঠাল। এই পুষ্টিকাৰক ফলবিধেনো আমাৰ শৰীৰত কেনেদৰে উপকাৰ কৰে তাৰ বিষয়ে জানো আহক-

কঁঠালে আমাৰ শৰীৰৰ ৰক্তচাপ নিয়ন্ত্ৰণ কৰে।

পকা কঁঠাল কোষ্ঠকাঠিন্য ৰোগৰ বাবে অতি উপকাৰী।

পকা কঁঠালে হজম শক্তিৰ উন্নত কৰাত সহায় কৰে।

কঁঠালত কৰ্কট ৰোগ প্ৰতিৰোধী কৰিব পৰা ক্ষমতা আছে।

কঁঠালে থাইৰয়ডৰ সমস্যা দূৰ কৰে।

কঁঠালত যথেষ্ট পৰিমাণে প্ৰʼটিন থাকে।

কঁঠালত যথেষ্ট পৰিমাণে ভিটামিন-এ থাকে, যিয়ে দৃষ্টি শক্তিৰ উন্নতি সাধন কৰে আৰু কুকুৰিকণা ৰোগ প্ৰতিৰোধ কৰে ।

বিঃদ্ৰঃওপৰোক্ত লিখনিটো সাধাৰণ তথ্যৰ ওপৰত আধাৰিত।কোনো জটিল ৰোগত আক্ৰান্ত হলে চিকিৎসকৰ পৰামৰ্শ লোৱাটো বাঞ্চণীয়।

Related Articles