Breaking

বৰ্তমান উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰা দেশৰ একমাত্ৰ মহিলা ন্যায়াধীশ সুনীতা আগৰৱালৰ বিষয়ে জানেনে?

0 100

দেওবাৰে গুজৰাট উচ্চ ন্যায়ালয়ৰ ২৯ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰে ন্যায়াধীশ সুনীতা আগৰৱালে।

গান্ধীনগৰৰ ৰাজভৱনত অনুষ্ঠিত এক অনুষ্ঠানত গুজৰাটৰ ৰাজ্যপাল আচাৰ্য দেৱব্ৰতে শপত গ্ৰহণ কৰোৱাই, য’ত মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেল, গুজৰাট বিধানসভাৰ অধ্যক্ষ শংকৰ চৌধুৰী, আইন আৰু ন্যায় মন্ত্ৰী ৰুষিকেশ পেটেলও উপস্থিত থাকে।

উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামে ৫ জুলাইত গুজৰাট উচ্চ ন্যায়ালয়ৰ নতুন মুখ্য ন্যায়াধীশ হিচাপে ন্যায়াধীশ আগৰৱালাক নিযুক্তি দিয়াৰ প্ৰস্তাৱ দিছিল।

ন্যায়াধীশ সুনীতা আগৰৱাল বৰ্তমান উচ্চতম ন্যায়ালয়ৰ একমাত্ৰ মহিলা মুখ্য ন্যায়াধীশ৷

বৰ্তমান দেশৰ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশসকলৰ মাজত কোনো মহিলা নথকাৰ বাবে ন্যায়াধীশ সুনীতা আগৰৱাল উচ্চ ন্যায়ালয়ৰ একমাত্ৰ মহিলা মুখ্য ন্যায়াধীশ।

গুজৰাট উচ্চ ন্যায়ালয়ৰ দ্বিতীয়গৰাকী মহিলা মুখ্য ন্যায়াধীশ সুনীতা আগৰৱাল। তেওঁৰ পূৰ্বে ন্যায়াধীশ ছোনিয়া গোকানীয়ে ২০২৩ চনৰ ২৫ ফেব্ৰুৱাৰীত অৱসৰ লোৱালৈকে কিছুদিন গুজৰাট উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আছিল, তাৰ পিছত ন্যায়াধীশ এ জে দেশাই ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

১৯৬৬ চনৰ ৩০ এপ্ৰিলত জন্মগ্ৰহণ কৰা সুনীতা আগৰৱালে ১৯৮৯ চনত অৱধ বিশ্ববিদ্যালয়ৰ পৰা আইন বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰিছিল।

১৯৯০ চনৰ ১৬ ডিচেম্বৰত অধিবক্তা হিচাপে নামভৰ্তি কৰি এলাহাবাদ উচ্চ ন্যায়ালয়ত চিভিল চাইডত প্ৰেকটিছ কৰিছিল।

২০১১ চনৰ ২১ নৱেম্বৰত এলাহাবাদ উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে উন্নীত হয় আৰু পিছলৈ, ২০১৩ চনৰ ৬ আগষ্টত এলাহাবাদ উচ্চ ন্যায়ালয়ৰ স্থায়ী ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰে।

Leave A Reply

Your email address will not be published.