স্বাস্থ্যৰ বাবে অতিকে উপকাৰী ফলবিধ হৈছে আঙুৰ৷ ইয়াৰ সোৱাদ টেঙা-মিঠা৷ আঙুৰক ‘মাতৃ-দুগ্ধ’ৰ সমান বুলি গণ্য কৰা হয়৷ ইয়াৰ বৈজ্ঞানিক নাম ভিটিছ ভিনিফেৰা (Vitis vinifera)৷ আঙুৰত প্ৰচুৰ পৰিমাণে পানী, শৰ্কৰা, ছ’ডিয়াম, পটেচিয়াম, চাইট্ৰিক এচিড, ফ্ল’ৰাইড, মেগনেচিয়াম, লৌহ আদি থাকে৷ ইয়াত থকা ভিটামিন-এ- য়ে ভোক বঢ়োৱাত সহায় কৰে৷ আঙুৰে পাচনশক্তি ঠিকমতে ৰাখে৷ ইয়াত থকা উপাদানবোৰে কেঞ্চাৰ, চকুৰ বিভিন্ন সমস্যা, কৰ্ডিঅ’ভাছকুলাৰ আদি নিৰাময়ত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰে৷ ডায়েবেটিছ ৰোগীৰ কাৰণে আঙুৰ খোৱাটো প্ৰয়োজনীয়৷ নিয়মিতভাৱে আঙুৰ খালে তেজ বৃদ্ধি আৰু পৰিষ্কাৰ হয়৷ আঙুৰৰ ৰসে চকুৰ গুৰিত পৰা ক’লা দাগ নিৰ্মূলত সহায় কৰে৷
আঙুৰ খালে ছালখন পৰিষষ্কাৰ হয় আৰু উজ্জ্বলতা বাঢ়ে৷ হৃদৰোগৰ বাবে আঙুৰ বৰ উপকাৰী৷ আঙুৰে মানুহৰ স্মৰণ শক্তি বৃদ্ধি কৰে৷ পকা আঙুৰক মাইগ্ৰেইনত ঘৰুৱা দৰব হিচাপেও ব্যৱহাৰ কৰা হয়৷ বুকুৰ ধপধপনি, হঠাতে চক খোৱা, মূৰ ঘূৰোৱা আদিৰ বাবেও আঙুৰ উপকাৰী৷ ই ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে৷ আঙুৰ খালে হাঁওফাঁওত জমা হোৱা কফ বাহিৰলৈ উলিয়াই আনে, ফলত কাহৰ পৰা উপশম পোৱা যায়৷ নাকৰ পৰা তেজ ওলালে শুকান আঙুৰ তিয়াই থোৱা পানী নাকেৰে শুঙিলে আৰোগ্য লাভ কৰিব পাৰে৷ সেয়েহে আহক এনে এবিধ ঔষধিগুণসম্পন্ন ফল আমাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰি শৰীৰ সুস্থ আৰু নিৰোগী কৰি ৰাখো।