Breaking

শেৱালি ফুল স্বাস্থ্যৰ বাবে কিমান উপকাৰী জানেনে…

0 609

প্ৰকৃতিয়ে আমাক এনে বহু উপহাৰ দিছে যিবোৰে কেৱল পৰিৱেশ সেউজীয়া কৰি ৰখাই নহয়, স্বাস্থ্যৰ বাবেও অতি উপকাৰী বুলি গণ্য কৰা হয়। আজি আমি আপোনালোকক ঔষধি গুণেৰে ভৰপূৰ বুলি গণ্য কৰা শেৱালি ফুলৰ বিষয়ে কম। শেৱালি ফুলৰ উপকাৰিতা-

১/ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পাব
প্ৰায়ে বতৰৰ পৰিৱৰ্তনৰ বাবে ভাইৰাছৰ সংক্ৰমণৰ সম্ভাৱনা বৃদ্ধি পায়, যাৰ বাবে চৰ্দি-কাহৰ সমস্য়া সৃষ্টি হয়। ইয়াৰ পৰা হাত সাৰিবলৈ শেৱালি ফুলৰ প্ৰায় ১০ টা ফুল লৈ এগিলাচ পানীৰ লগত মিহলাই লওক। এই মিশ্ৰণটো আপুনি এঘণ্টা ধৰি গুন্ধিব পাৰে।

২/ বাতবিষ
বয়স বৃদ্ধিৰ লগে লগে বাতবিষ হোৱাটো সাধাৰণ কথা, কিন্তু আজিকালি যুৱক-যুৱতীসকলেও এই সমস্যাৰ সন্মুখীন হৈছে। এনে অৱস্থাত শেৱালি ফুলৰ পাতৰ পৰা তেল উলিয়াই তাত নাৰিকল তেল কেইটোপালমান দিব। শেষত বিষ হোৱা ঠাইত এই তেল লগাব।

৩/ ডায়েবেটিছ
ডায়েবেটিছ ৰোগীয়ে প্ৰতি মুহূৰ্ততে নিজৰ স্বাস্থ্যৰ বাবে চিন্তিত হৈ থাকে, এনে পৰিস্থিতিত শেৱালি ফুলৰ পাতৰ সহায় লব পাৰে, ইয়াৰ এন্টি-ডায়েবেটিক গুণ আছে যিয়ে উচ্চ তেজত চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰে। অৱশ্যে চিকিৎসকৰ পৰামৰ্শ মতেহে এই কাম কৰিব।

বৰ্তমান যুগত অস্বাস্থ্যকৰ খাদ্য, প্ৰদূষণ আৰু ৰাসায়নিক ভিত্তিক চুলিৰ সামগ্ৰী ব্যৱহাৰৰ বাবে বেছিভাগ মানুহেই চুলিৰ সৈতে জড়িত সমস্যাৰ সন্মুখীন হৈছে। য’ত দুৰ্বল চুলি, পকা চুলি আৰু চুলি সৰা আদি সমস্যাও হয়। শেৱালী ফুলৰ পাতৰ পৰা তৈয়াৰী তেল লগালে চুলি ক’লা, ডাঠ আৰু চিকচিকিয়া হৈ পৰিব।

Leave A Reply

Your email address will not be published.