অৰ্জুন গছৰ বাকলি স্বাস্থ্যৰ বাবে কিমান উপকাৰী জানেনে…

গছত বহুতো ঔষধি গুণ থাকে। প্ৰাচীন কালত গছৰ সহায়ত বহুতো গুৰুতৰ ৰোগৰ চিকিৎসা কৰা হৈছিল। গছ-গছনিত থকা গুণে ৰোগ নিৰাময়ৰ কাম কৰে। অৰ্জুন গছ পুষ্টিকৰ উপাদানৰো ভঁৰাল। ঔষধি গুণেৰে সমৃদ্ধ অৰ্জুনৰ বাকলি সেৱন কৰিলে হৃদযন্ত্ৰৰ লগত জড়িত ৰোগৰ আশংকা দূৰ হয়। অৰ্জুনৰ বাকলিৰ কি উপকাৰিতা আৰু কেনেদৰে সেৱন কৰিব লাগে জানো আহক। অৰ্জুনৰ বাকলিৰ কাপ বনাই খালে খুবেই উপকাৰী। এই বাকলিৰ লগত ক’লা জলকীয়া, তুলসীৰ পাত, দালচেনি, আদা আদি বস্তু মিহলাই তৈয়াৰ কৰা হয়। এইটো পান কৰিলে হৃদযন্ত্ৰৰ বাবে অতি উপকাৰী।

অৰ্জুনৰ বাকলিত হাইপলিপিডেমিক গুণ পোৱা যায়। ই কলেষ্টেৰল নিয়ন্ত্ৰণত সহায় কৰে। অৰ্জুনৰ বাকলি খালে কলেষ্টেৰলৰ আশংকা নাইকিয়া হয়।

অৰ্জুনৰ বাকলিৰ কাপ পুষ্টিকৰ উপাদানৰে ভৰপূৰ। ইয়াৰ ব্যৱহাৰৰ দ্বাৰা কলেষ্টেৰল আৰু ৰক্তচাপ নিয়ন্ত্ৰণত থাকে। ই তেজ পাতল কৰাৰ কাম কৰে, যাৰ ফলত হাৰ্ট এটেকৰ আশংকা আঁতৰি থাকে।

অৰ্জুনৰ বাকলিত থকা গুণবোৰ হৃদযন্ত্ৰৰ বাহিৰে আন বহু ৰোগত উপকাৰী। ইয়াৰ কাপ সেৱন কৰিলেও ডায়েবেটিছ আৰু কেন্সাৰ হোৱাৰ সম্ভাৱনা কম হয়। অৰ্জুনৰ বাকলিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে আৰু ৰোগ নিৰাময় কৰে।

Related Articles