এজন ব্যক্তিক দৈনিক কিমান প্ৰ’টিনৰ প্ৰয়োজন জানেনে…

শৰীৰৰ কাৰণে প্ৰোটিন অতি উপকাৰী উপাদান।শৰীৰৰ কোষৰ নিৰ্মাণ আৰু মেৰামতিৰ কামত প্ৰোটিনে সহায় কৰে।শক্তিশালী আৰু সুন্দৰ এটা শৰীৰৰ কাৰণে প্ৰোটিনৰ প্ৰয়োজন।প্ৰোটিন আমাৰ হাড়,মাংসপেশী আৰু তেজক সুচাৰুৰুপে কাম কৰাৰ কাৰণে অতি প্ৰয়োজন।শৰীৰত থকা এনজাইম,হৰমোন আৰু  অন্য ৰসায়নে স্বাভাৱিকভাৱে কাম কৰিবৰ বাবেও প্ৰোটিনৰ যোগান অতি প্ৰয়োজন ।

মানুহক দৈনিক কিমান প্ৰোটিনৰ প্ৰয়োজন?-

এজন প্ৰাপ্তবয়ষ্ক পুৰুষৰ কাৰণে প্ৰতিদিনে অতি কমেও ৪৫ গ্ৰাম আৰু মহিলাৰ কাৰণে প্ৰয় ৫০ গ্ৰাম প্ৰোটিনৰ প্ৰয়োজন হয়।এই পৰিমাণৰ প্ৰোটিন যোগানৰ বাবে প্ৰাকৃতিক উৎসৰ ওপৰত নিৰ্ভৰ কৰিবলৈ চেষ্টা কৰিব লাগে।এটা গুৰুত্বপুৰ্ণ কথাৰ প্ৰতি লক্ষ্য ৰাখিব যে,চৰ্বি আৰু কাৰ্বোহাইড্ৰেট (শৰ্কৰা)শৰীৰত সঞ্চিত হৈ থাকে কিন্তু প্ৰোটিন শৰীৰত সঞ্চিত হৈ নেথাকে।সেয়ে প্ৰতিদিনে নিৰ্দিষ্ট পৰিমাণে প্ৰোটিন পাবৰ কাৰণে প্ৰোটিনযুক্ত খাদ্য খোৱা উচিত।

প্ৰোটিনৰ উৎসবিলাক-

কণী: প্ৰোটিনৰ এটা ভাল উৎস হৈছে কণী।অন্য প্ৰোটিনযুক্ত খাদ্যৰ তুলনাত কণী হৈছে কম দামী আৰু সহজলভ্য।সেয়ে প্ৰোটিনৰ প্ৰয়োজন থকা লোকে সহজতে পাব পৰা কণী খাবলৈ চেষ্টা কৰিব লাগে।অৱশ্যে উচ্চ ৰক্তচাপ থকা লোকে কণীৰ কুহুমটো বাদ দি কেৱল ওপৰৰ বগা অংশটোহে খাব লাগে।সাধাৰণ জোখৰ এটা কণীত ছয় গ্ৰাম প্ৰোটিন থাকে।

চয়াবিন: চয়াবিন এবিধ মাহজাতীয় খাদ্য।সকলো ধৰণৰ খাব পৰা মাহজাতীয় শস্যতে প্ৰোটিনৰ মাত্ৰা যথেষ্ট বেছি।চয়াবিনত প্ৰোটিনৰ মাত্ৰা যথেষ্ট বেছি থাকে।প্ৰতি এশ গ্ৰাম চয়াবিনত ৩৯ গ্ৰাম প্ৰোটিন পোৱা যায়।চয়াবিন খাই থাকিলে শৰীৰত প্ৰোটিনৰ অভাৱ দুৰ হয় আৰু লগতে শাৰীৰিক দুৰ্বলতা দুৰ কৰি যৌনক্ষমতাও বৃদ্ধি কৰে।

বুটৰ দাইল: বুট এবিধ মাহজাতীয় শস্য।সেইবাবে বুটত যথেষ্ট পৰিমাণে প্ৰোটিন থাকে।এই বুটৰ পৰা প্ৰস্তুত কৰা বুটৰ দাইলতো এই প্ৰোটিন সম পৰিমাণত থাকে।প্ৰতি এশ গ্ৰাম বুটৰ দাইলত ২৫ গ্ৰাম প্ৰোটিন পোৱা যায়।বুটৰ দাইল খালে পাচন শক্তি স্বাভাৱিক থাকে আৰু ছালৰো উজ্জ্বলতা বৃদ্ধি পায়।

মাখন: দুগ্ধজাত খাদ্য সামগ্ৰীৰ ভিতৰত মাখনত যথেষ্ট পৰিমাণে প্ৰোটিন থাকে।নিয়মীয়াকৈ শাৰীৰিক ব্যায়াম বা পৰিশ্ৰম কৰা ব্যক্তিয়ে মাখন খাই থাকিব লাগে।শৰীৰ চৰ্চা কৰি ‘চিক্স পেক’(পেটৰ ওপৰৰ মংসপেশী)বনাব খোজা লোকৰ বাবে মাখন যথেষ্ট উপকাৰী।প্ৰতি এশগ্ৰাম মাখনত ৩২ গ্ৰাম প্ৰোটিন পোৱা যায়।

মগু দাইল: আন এবিধ উপকাৰী মাহজাতীয় খাদ্য হৈছে মগু দাইল।মগু দাইল খাই থাকিলে পাচনতন্ত্ৰৰ ভালেকেইবিধ ৰোগ নিয়ন্ত্ৰণত থাকে আৰু অন্য দাইলতকৈও মগু দাইল আন্ত্ৰিক ৰোগীৰ বাবে উপকাৰী।যিকোনো ৰোগীক পথ্য হিচাপে মগু দাইল সিদ্ধ কৰি দিব পাৰি।প্ৰতি এশ গ্ৰাম মগু দাইলত ২৪ গ্ৰাম প্ৰোটিন থাকে।চুলি সৰা ৰোগত ভোগা লোকে একেৰাহে কিছুদিন মগু দাইল খাই থাকিলে চুলি সৰা বন্ধ হয়।

Related Articles