Breaking

ভিটামিন পিৰ উপকাৰীতা বিষয়ে জানেনে…

0 71

ভিটামিন পি সমৃদ্ধ খাদ্য: এতিয়ালৈকে আপুনি নিশ্চয় ভিটামিন এ, বি, চি, ডি আৰু কেৰ নাম শুনিছে, কিন্তু ভিটামিন পিৰ কথা কেতিয়াবা শুনিছেনে? ‘হেল্থলাইন’ এই শব্দটো আগতে উদ্ভিদৰ উপাদানৰ গোটৰ বাবে ব্যৱহাৰ কৰা হৈছিল, যিবোৰক ফ্লেভন’ইড বুলি জনা যায়। এই উপাদানসমূহ আচলতে ভিটামিন নহয়, বৰঞ্চ আমাৰ শৰীৰৰ বাবে অপৰিহাৰ্য। ফ্লেভন’ইড বহু ধৰণৰ ফল-মূল, শাক-পাচলি, চাহ আৰু ক’ক’ত পোৱা যায়, ই উদ্ভিদ ভিত্তিক খাদ্যত ৰং প্ৰদান কৰাৰ কাম কৰে, লগতে ইয়াক UV ৰশ্মি আৰু সংক্ৰমণৰ পৰা ৰক্ষা কৰে। ভিটামিন পি সমৃদ্ধ খাদ্য খালে কি কি লাভ হ’ব পাৰে জানো আহক…


ভিটামিন পি অৰ্থাৎ বায়’ফ্লেভন’ইড, বিশেষকৈ ৰুটিন আৰু হেচপেৰিডিনে চকুৰ ৰক্তবাহী নলী সুস্থ হোৱাত সহায় কৰে আৰু চকুৰ দৃষ্টিশক্তি বৃদ্ধি কৰে। লগতে কেটেৰেক্ট আৰু মেকুলাৰ ডিজেনেৰেচনৰ দৰে গুৰুতৰ অৱস্থাৰ সম্ভাৱনাও হ্ৰাস কৰে।

বহু গৱেষণাই নিশ্চিত কৰিছে যে ভিটামিন পি থকা খাদ্য খোৱাতো আমাৰ মগজুৰ উপকাৰ হয়। ইয়াৰ ফলত স্মৃতিশক্তি শক্তিশালী হয়, একাগ্ৰতা বৃদ্ধি পায়, লগতে মগজুৰ সামগ্ৰিক কাৰ্য্যকলাপ উন্নত হোৱাতো সহায় কৰে।

ভিটামিন পি যুক্ত খাদ্য খালে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়, যাৰ ফলত চৰ্দি, কাহ, ফ্লু আৰু অন্যান্য ভাইৰাছজনিত ৰোগৰ সম্ভাৱনা কম হয়।

কিছুমান বায়’ফ্লেভন’ইড (ভিটামিন পি সমৃদ্ধ খাদ্য)ৰ কেন্সাৰ প্ৰতিৰোধী গুণ থকাৰ কথা প্ৰমাণিত হৈছে, যিয়ে কেন্সাৰ কোষৰ বৃদ্ধি ৰোধ কৰে আৰু স্তন, হাওঁফাওঁ, পেটৰ কৰ্কটকে ধৰি কিছুমান বিশেষ ধৰণৰ কেন্সাৰৰ সম্ভাৱনা হ্ৰাস কৰে। অৱশ্যে এই বিষয়ত অধিক গৱেষণাৰ প্ৰয়োজন।

Leave A Reply

Your email address will not be published.