Breaking

বলীউডৰ অভিনেতাসকলৰ প্ৰকৃত নাম কি জানেনে ? ১০০% লোকেই নাজানে…

0 100

বলীউড অভিনেতাসকলৰ প্ৰকৃত নাম জানেনে ? ১০০% লোকেই নাজানে ! বলীউডৰ তাৰকাসকলে বিখ্যাত হ’বলৈ এনে বহু কাম কৰে, যি কাম সাধাৰণ মানুহে হয়তো কল্পনাও কৰিব নোৱাৰে। তাৰ ভিতৰত এটা হ’ল নিজৰ নাম সলনি কৰা, নিজৰ প্ৰকৃত পৰিচয় ত্যাগ কৰা। বলীউডৰ বহু তাৰকাই নাম সলনি কৰিছে। আজি আমি আপোনালোকক জনাম কোন কোন চেলিব্ৰিটিয়ে নাম সলনি কৰিছে।

এক প্ৰতিবেদন অনুসৰি শতিকাৰ মেগাষ্টাৰ অমিতাভ বচ্চনৰ প্ৰকৃত নাম অমিতাভ বচ্চন নহয় অমিতাভৰ প্ৰকৃত নাম শ্ৰীবাস্তৱ। বলীউডৰ তাৰকা ছানী দেওলে বলীউডত ভৰি দিয়াৰ পূৰ্বে নাম সলনি কৰিছিল। ছানী দেওলৰ প্ৰকৃত নাম অজয় ​​সিং দেওল। কিয়াৰা আদৱানীৰ প্ৰকৃত নামও বহুবাৰ চৰ্চা হৈছে। ছবি জগতত ভৰি দিয়াৰ পূৰ্বে অভিনেত্ৰীগৰাকীয়ে ছলমান খানৰ পৰামৰ্শ মতে নাম সলনি কৰিছিল। কিয়াৰাৰ পূৰ্বৰ নাম আছিল আলিয়া আদৱানী।

বলীউডৰ ভাইজান ছলমান খানৰ প্ৰকৃত নাম হৈছে চেলিম আব্দুল ৰছিদ খান। কোৱা হয় যে বলীউডলৈ অহাৰ পূৰ্বে ছলমান খানে নিজৰ নামটো চুটি কৰিছিল। খবৰ অনুসৰি ফিটনেছ কুইন শিল্পা শ্বেট্টীৰ প্ৰকৃত নাম অশ্বিনী শ্বেট্টী। বছৰ বছৰ ধৰি শিল্পা নামেৰে উদ্যোগটোত বিখ্যাত হৈ আহিছে অভিনেত্ৰীগৰাকী। মনোৰঞ্জনমূলক বাতৰি অনুসৰি অভিনেত্ৰীগৰাকীয়ে বলীউডত ভৰি দিয়াৰ পূৰ্বে নিজৰ নাম টাৰকটৰ পৰা কেটৰিনা কাইফলৈ সলনি কৰিছিল।

Leave A Reply

Your email address will not be published.