থিয় হৈ পানী খাই নেকি,নাখাব! পানী খোৱাৰ ৫টা নিয়মৰ বিষয়ে জানক…

পানী খোৱাৰ পদ্ধতিয়ে আপোনাক সুস্থ কৰি ৰখাত সহায় কৰে। ইয়াৰ ফলত আপোনাৰ ছালখন ফুলি থাকে আৰু মুখত বয়সৰ চাপ নপৰে।গতিকে যেতিয়াই পানী খায় তেতিয়াই কিছুমান কথা মনত ৰাখিব। পানীয়ে আপোনাক সুস্থ কৰি ৰখাই নহয় ধুনীয়াও কৰি তোলে। পানী খোৱাৰ পদ্ধতিয়ে আপোনাৰ বয়সৰ চাপ মুখলৈ আহিবলৈ নিদিয়ে। বহু সময়ত মানুহে নিশ্চয় শুনিছে যে বহুত পানী খালে মুখ ৰঙা হৈ পৰে। যদি আপুনিও ৪০ বছৰ বয়সতো ২৫ বছৰীয়া দেখাব বিচাৰে তেন্তে পানী খোৱাৰ সঠিক উপায় জনা উচিত। আজি আমি আপোনালোকক ক’ম খোৱাপানীৰ এনে ৫টা নিয়ম, এই নিয়ম মানি চলিলে আপোনাৰ বয়স কমিবলৈ আৰম্ভ কৰিব আৰু আপোনাৰ মুখৰ উজ্বলতা বৃদ্ধি পাব।


খোৱাপানীৰ ৫টা নিয়ম-
১) খাদ্য খোৱাৰ লগে লগে কেতিয়াও পানী খাব নালাগে। খোৱাৰ প্ৰায় আধা ঘণ্টা পিছতহে পানী খাব লাগে। যদি আপুনি খাদ্য খাই কিবা এটা খাব বিচাৰে তেন্তে গাখীৰ, দৈ আৰু মিঠাই খাব পাৰে।

২/ কেতিয়াও এবাৰতে পানী খাব নালাগে। অৰ্থাৎ একেলগে বহুত পানী খাব নালাগে। পানী চুমুক দি আৰামত খাব লাগে। পেটৰ স্বাস্থ্যৰ বাবে উপকাৰী।

৩.ঠাণ্ডা পানী খোৱাৰ পৰা বিৰত থাকিব লাগে। যদি আপুনি অতি পিয়াহত আছে আৰু আপুনি ঠাণ্ডা পানী বিচাৰিছে তেন্তে সেয়া ভুল। গৰমৰ দিনত মাটিৰ পাত্ৰৰ পৰা পানী খোৱাটো সদায় ভাল।

৪) ৰাতিপুৱা এগিলাচ কুহুমীয়া পানী খোৱাৰ পিছতহে ব্ৰেকফাষ্ট কৰিব লাগে। ইয়াৰ ফলত শৰীৰত জমা হোৱা বিষাক্ত পদাৰ্থবোৰ ওলাই আহে।

৫) প্ৰায়ে মানুহে থিয় হৈ পানী খাবলৈ আৰম্ভ কৰে, এই পদ্ধতি একেবাৰেই সঠিক নহয়। এনে কৰিলে স্বাস্থ্যৰ বাবে ভাল নহয়। সেইবাবেই কেতিয়াও থিয় হৈ পানী খাব নালাগে।

Related Articles