আপুনি নখৰ যত্ন লয়নে? নখৰ যত্ন কেনেকৈ ল’ব লাগে…

নখৰ যতন

আমি নিয়মীয়াকৈ লোৱা নখৰ যতনে নখৰ স্বাস্থ্য উন্নত কৰাৰ লগতে হাত দুখনো দেখিবলৈ ধুনীয়া হয়। নখৰ যতন লোৱাটো স্বাস্থ্যসন্মতভাৱে উচিত, কিয়নো, তেনে কৰিলে হাত দুখন চাফা হৈ থাকে বাবে বহু ৰোগৰ পৰা হাত সাৰিব পাৰি। আনহাতে আমি যদি দুখন সুন্দৰ হাতৰ কল্পনা কৰোঁ, তেতিয়া তাত নখৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। বিশেষকৈ মহিলাসকলে নখ আকৰ্ষণীয়কৈ ৰাখিব বিচাৰে বাবে নখৰ স্বাস্থ্য ভাল হোৱাটো প্ৰয়োজন।নখ কটাৰ আগতে সদায় হাত দুখনৰ আঙুলিকেইটা পানীত তিয়াই ল’ব লাগে। এনে কৰিলে নখ কাটিবলৈ সুবিধা হয়। বজাৰত উপলব্ধ নেইল ফাইলৰ জৰিয়তে নখত ঘঁহাই নখক সুন্দৰ আকাৰ দিব পাৰি।বজাৰত নখৰ যত্ন ল’বৰ বাবে কিছুমান সঁজুলি কিনিবলৈ পায়। কিউটিকেলৰ সহায়েৰে নখৰ মঙহ পিছলৈ ঠেলি দিব লাগে, যাতে নখ বাঢ়িবলৈ সুবিধা হয়।

আমাৰ সকলোৰে ঘৰত নহৰু সহজলভ্য। এফুটা নহৰু লৈ মাজেৰে দুফাল কৰি লৈ নখৰ ওপৰত ঘঁহিব লাগে। এখন হাতৰ নখত পাঁচ মিনিটমান ঘঁহা উচিত।ৰাতি শুবলৈ যোৱাৰ আগতে হাত-ভৰি-নখত সামান্য অলিভ অইল লগাই দহ মিনিটমান মালিচ কৰিব। ওপৰত উল্লেখ কৰা সকলোবোৰ নিয়ম পালন কৰিলে আপোনাৰ নখকেইটা কেৱল স্বাস্থ্যৱানেই নহ’ব, বৰঞ্চ নখকেইটা উজ্জ্বল হৈ হালধীয়া ভাবো নোহোৱা হ’ব।তিনি চামুচ অলিভ অইল এটা সৰু বাটিত লৈ তাত এচামুচ নেমুৰ ৰস দিয়ক। এতিয়া এই মিশ্ৰণটো সামান্য গৰম কৰি নখকেইটা পাঁচ মিনিটমান ডুবাই ৰাখিব।

Related Articles