গা ধোৱা পানী অলপ কুহুমীয়া হ’ব লাগে। পানীখিনিত দুই চামুচমান অ’লিভ অইল মিহলাই ল’ব। নতুবা গাত ঘঁহি হাতেৰেই মালিচ কৰি ল’ব। এনে কৰিলে তেজ চলাচল সঠিক হয়। বেছি গৰম পানী হ’লে ছালৰ পৰা প্ৰাকৃতিক তেলখিনি শুহি নিয়ে। ফলত ছালখন বেছি শুকান হয়।
- ৰাতি শোৱাৰ আগেয়ে সদায় গাত ব’ডীলোচন বা তেল লগাব। হাত আৰু ভৰি কুহুমীয়া গৰম পানীত নেমুৰ পাত, তেল নিমখ একাপ মিহলাই ধুব। সম্ভৱ হ’লে বাথ টাবত দেহটো তিয়াই থ’ব। ফলত দেহৰ পৰা দুৰ্গন্ধ আঁতৰোৱাত নেমুৰ পাতে সহায় কৰিব। তেলৰ দ্বাৰা ছালক মইশ্ব’ কৰি ৰাখিব। নিমখৰ দ্বাৰা শৰীৰৰ নিগেটিভিটী দূৰ কৰি শৰীৰৰ বিষ নাশ কৰিব। ই অতি পুৰণি প্ৰথা।
- শীতত তেলযুক্ত মইশ্ব’ৰাইজাৰ ব্যৱহাৰ কৰিব। যেনে- লেভেণ্ডাৰ, কেম’মাইল জ’যবা তেলযুক্ত। খজুৱাই থকা ছালত তেলৰ লগত নাৰ্জি ফুলৰ পাত কেইটামান সিজাই ল’ব।
- শীতৰ বতাহৰ পৰা ৰক্ষা পাবৰ বাবে ছানস্ক্ৰীণ ব্যৱহাৰ কৰিব।
- গা ধোৱাৰ ঠিক পাছতেই মইশ্ব’ৰাইজাৰযুক্ত ছানস্ক্ৰীণ ব্যৱহাৰ কৰিব। শীতত খুব ঘঁহি ঘঁহি গা ধোৱা পানী মচিব নালাগে। ই ছাল শুকান কৰে।
- ঘৰৰ মইশ্ব’ৰাইজাৰ শুকান নহ’বৰ বাবে এটা বাটিত এৰ’মা অইল পানীৰ লগত ৪-৫ টোপালমান দি এৰ’মাৰ চাকি জ্বলাব। অৰ্থাৎ বাটিৰ তলত মম জ্বলাই দিব।
- হাত-ভৰি শুকান নহ’বৰ বাবে মেনিকিওৰ, পেডিকিওৰ কৰাব। এনে কৰিলে হাত-ভৰিৰ সৌন্দৰ্য বাঢ়ে।
- শীতত আমাৰ মৃত কোষ পৰিষ্কাৰ কৰাৰ বাবে কমলাৰ বাকলি, চাউল এমুঠি মিক্সিত দৈৰ লগত পেষ্ট কৰিব। এতিয়া গোটেই গাত ঘঁহি ঘঁহি ধুই দিব।
- শীতকালি আমাৰ ভৰিৰ গেৰুৱা খুব ফাটে। সেইবাবে শীতত পেডিকিওৰ কৰাৰ উপৰি ৰাতি কেষ্টৰ অইল আৰু ঘানিত পেৰা মিঠাতেলেৰে মালিচ কৰি সূতাৰ মোজা পিন্ধি শুব। কেইদিনমান কৰিলে শৰীৰৰ শুকান ভাব নাথাকিব। বেছি ক্ষাৰ থকা সামগ্ৰী যেনে গা-ধোৱা বা কাপোৰ ধোৱা চাবোন ব্যৱহাৰ নকৰিব। ই ছালৰ বহু ক্ষতি কৰিব।
- আমি ব্যৱহাৰ কৰা ক্লিনজাৰ শীতকালি সলনি কৰিব। মইশ্ব’ৰাইজাৰ ক্লিনজাৰ ব্যৱহাৰ কৰিব।
- মুখৰ প্ৰলেপৰ বাবে মৌ, দৈৰ ক্ৰীম, বাদাম, গাখীৰৰ ক্ৰীম, মাখন, কল আদি ব্যৱহাৰ কৰিব।
- ঘৰতে তৈয়াৰ কৰা মুখৰ প্ৰলেপ ছালৰ বাবে উত্তম। হালধি পাউডাৰ, চেনি আৰু দৈৰ ক্ৰীম মিহলাই প্ৰতিদিনে লগাব। ই ছাল বগা আৰু মিহি কৰিব।
- নাৰিকলৰ গাখীৰ, মৌ, পকা অমিতা আৰু জলফাইৰ তেল মিহলাই শৰীৰত, মুখত আৰু হাত-ভৰিত লগাব। ফলত ছাল বগা আৰু মইশ্ব’ হৈ থাকিব।