Breaking

কাকজান চাহ বাগিচাত এজন কৰ্মচাৰী মৃত্যুক লৈ চিকিৎসকৰ লগত সংঘাত

0 2,092

যোৰহাট জিলা কাকজান চাহ বাগিচাত কালি নিশা এজন ৰোগী মৃত্যুক কেন্দ্ৰ কৰি চিকিৎসক আৰু নাৰ্চক দু- ব্যৱহাৰ কৰাৰ ঘটনাই এক চেপা উওেজনা বিৰাজ কৰি আছে।প্ৰাপ্ত তথ্য মতে কাকজান চাহ বাগিচাৰ কৰ্মচাৰী ৰাজু ৰবি দাস(৫৪) মেকানিকেল বিভাগত যোৱা ২৯ মে তাৰিখৰ পৰা বাগিচাৰ কৰ্মস্থলীত উপস্থিত নাছিল।জানিৱ দিয়া মতে তেও স্বাস্থ্য জনিত কাৰণত উপস্থিত নাছিল।১ জুনত বাগিছাৰ চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা কৰিবলৈ অহাত গেছৰ অসুখত ভূগি থকা বুলি কয়।চিকিৎসকে প্ৰাথমিক চিকিৎসা দিয়াৰ পিছত উন্নত চিকিৎসাৰ বাবে যোৰহাট মেডিকেল কলেজলৈ প্ৰেৰণ কৰে যদিও তেও যাৱলৈ ইচ্ছা নকৰি ঘৰতে থাকিল।কালি নিশা প্ৰায় ৮.০০বজাত স্বাস্থ্য অধিক অৱনতি ঘটাত পুনৰ বাগিচা চিকিৎসালয়লৈ আহে।বাগিছাৰ চিকিৎসক ডা.ঋষিকেশ ডেকাই প্ৰাথমিক চিকিৎসা দি যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে।বাগিছাৰ চিকিৎসালয়ৰ পৰা ওলাই আহি ২ কিলোমিটাৰ পথ যাওতেই তেও মৃত্যু হয়।তাৰ পিছত তেওক বাগিচাৰ চিকিৎসালয়লৈ ঘূৰাই আনে।ইয়াৰ পিছতে মৃত ব্যক্তিজনৰ পুত্ৰ জোৱাই সহ চিকিৎসালয়ত উপস্থিত হৈ এক উতপ্ত পৰিস্থিতি সৃষ্টি কৰি চিকিৎসালয় খনৰ দৰ্জা খিৰিকি ২খন মান ভাঙে।অৱশ্যে কোনো ব্যক্তিয়ে চিকিৎসকজনক তাৰ পৰা আতৰাই নিৱলৈ সক্ষম হয়।ইয়াৰ পিছত চিকিৎসালয়ত গাওঁৰক্ষী বাহিনী আৰু মজদুৰ সংঘ বহু কেইজন যুৱক উপস্থিত হোৱাত কোনো ধৰণৰ হতাহতি ন’হল।ইয়াৰ পিছত ঘটনাস্থলীত দেৱেৰাপাৰ আৰক্ষীআৰু মৰিয়নি আৰক্ষী উপস্থিত হোৱাত পৰিস্থিতি সামকাটে।আজি বাগিচাখন শান্তিপূৰ্ণভাৱে চলি আছে।বাগিচাখনৰ লগত জড়িত চাহ মজদুৰসংঘ ,আটছা,কৰ্মচাৰী সংঘ আৰু বাগিচাৰ কৰ্তৃপক্ষৰ লগত আলোচনা মৰ্মে দোষী ব্যক্তিৰ ওপৰত শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰি চিকিৎসালয়খন অটুত ৰখাৰ পোষকতা কৰে।

Leave A Reply

Your email address will not be published.