ছিৰাজুলিৰ নপাম পথাৰ গাঁও নিবাসী ৰমণী বৰ্মনৰ বাৰীৰ বাঁহনিত ১৪আগষ্টত পুৱা এডাল অজগৰ প্ৰত্যক্ষ কৰি গৃহস্থই বন বিভাগত খবৰ দিয়াত স্থানীয় প্ৰকৃতিপ্ৰেমী যুৱক প্ৰাণকৃষ্ণ কেওঁট উপস্থিত হৈ ডাঃ সৌৰভ বৰ্মনৰ সহযোগত সাপডাল উদ্ধাৰ কৰে। প্ৰায় ৭ফুট ৩ ইঞ্চি দৈৰ্ঘ্যৰ সাপডাল পাচত ওৰাং ৰাষ্ট্ৰীয় উদ্যানত মুকলি কৰি দিয়া হয়। লক্ষণীয়ভাবে খবৰ দিয়াৰ পাচতো বনবিভাগৰ কৰ্মচাৰী উপস্থিত নোহোৱাত ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। ৰাইজে পৰিয়ালটোৰ আৰু প্ৰকৃতিপ্ৰেমী যুৱকজনৰ চেষ্টাৰ শলাগ লৈছে। অজগড় উদ্বাৰ কৰাৰ সহযোগিতা কৰে ওৰাং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক ডাঃ সৌৰভ বৰ্মন ৷