Breaking

সোণাপুৰৰ জিলা চিকিৎসালয়ৰ চিকিৎসক কৰ্মচাৰীৰ বহি:বিভাগ বৰ্জনেৰে কৰ্মবিৰতি প্ৰতিবাদত প্ৰায় অচল চিকিৎসা সেৱা…

0 66

আজি কামৰূপ মহানগৰ জিলাৰ অন্তৰ্গত সোণাপুৰৰ স্থিত জিলা চিকিৎসালয় খনৰ চিকিৎসক কৰ্মচাৰী সকলে বহি:বিভাগ বৰ্জনৰে কৰ্মবিৰতি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । পূৱাৰে পৰা দিনযোৰা প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ ফলত বহু ৰোগীৰ লগতে ৰোগীৰ লগত অহা আত্মীয় স্বজনে হাৰাশাস্তিৰ মুখামুখি হব লগত পৰে । উল্লেখযোগ্য যে যোৱা ১২জুন তাৰিখে সোণাপুৰ জিলা চিকিৎসালয়ত এগৰাকী মহিলাৰ গৰ্ভস্থ সন্তানৰ মৃত্যুক কেন্দ্ৰকৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । গৰ্ভৱতী মহিলাৰ আত্মীয়ৰ অভিযোগ চিকিৎসকৰ ভুল চিকিৎসাৰ বাবে গৰ্ভস্থ সন্তানটি গৰ্ভতে মৃত্যু হয় । যাৰ পৰিপ্ৰেক্ষিতত চিকিৎসালয়ৰ চৌহদ গৰ্ভৱতী মহিলাৰ আত্মীয় স্বজনৰ লগতে স্থানীয় দল সংগঠনৰ সদস্যসকলে কৰা ধৰ্ণা প্ৰতিবাদত উত্তপ্ত হৈ পৰে ।

আনহাতে চিকিৎসালয়খনৰ চিকিৎসক কৰ্মচাৰী সকলেও অভিযোগ কৰে যে অচিনাকি উত্তেজিত কিছুলোকে চিকিৎসায়লখনৰ কৰ্মচাৰী চিকিৎসকক শাৰীৰিক অপদষ্ট কৰাৰ লগতে চিকিৎসালয়খনৰ কিছু আচবাবৰ ক্ষয় ক্ষতি সাধন কৰে । যাৰ প্ৰতিবাদ স্বৰূপে আজি সোণাপুৰ জিলা চিকিৎসালয়খনৰ চিকিৎসক কৰ্মচাৰী সকলে কৰ্মবিৰতি কাৰ্যসূচী ৰূপায়ণ কৰে । একমাত্ৰ জৰুৰী চিকিৎসা সেৱাৰ বাহিৰে অন্য ৰোগীক চিকিৎসা প্ৰদান কৰাৰ পৰা বিৰত থাকে । হঠাৎ চিকিৎসালয়খনৰ চিকিৎসক কৰ্মচাৰীসকলে কৰ্মবিৰতি লোৱা প্ৰতিবাদী কাৰ্যসূচীয়ে বহু দূৰ দূৰণিৰ পৰা চিকিৎসাৰ বাবে আহা ৰোগীসকলক অলায় আথনিৰ সৃষ্টি কৰে । প্ৰতিবাদী চিকিৎসক কৰ্মচাৰী সকলে এখন সংবাদ মেলৰ সম্বোধন কৰি চিকিৎসক কৰ্মচাৰী সকলৰ নিৰাপত্তা সুনিশ্চিত কৰা তথা উত্তপ্ত পৰিবেশ সৃষ্টি কৰি চিকিৎসক কৰ্মচাৰীক শাৰীৰিক অপদষ্ট কৰা লোকসকলৰ বিৰুদ্ধে আইনী কঠোৰ ব্যৱস্থা লোৱাৰ দাৱী জনাই ।

এইখিনিতে উল্লেখ কৰাৰ প্ৰয়োজন জিলা চিকিৎসা কেন্দ্ৰ হিচাপে চিকিৎসলয়খনত যিধৰণে উন্নত চিকিৎসা সেৱাৰ আন্ত: গাঠনি তৈয়াৰ হব লাগিছিল সেয়া দেখিবলৈ পোৱা নাযায়। যাৰ পৰিপ্ৰেক্ষিতত প্ৰয়োজনীয় চিকিৎসাৰ সু-ব্যৱস্থা নাপালে ৰোগীৰ আত্মীয় স্বজনে মাজে সময়ে অপ্ৰীতিকৰ পৰিবেশ পৰিস্থিতি সৃষ্টিৰে ক্ষোভৰ বহি:প্ৰকাশ ঘটায় । নামত ২০০ খন বেদৰ চিকিৎসালয়খত বৰ্তমান ১৫০খন বেদ আছে । উপযুক্ত চিকিৎসকৰ অভাৱ ৩৪ গৰাকী চিকিৎসক আছে যদিও সেয়া ৰোগীৰ অনুপাতে পৰ্যপ্ত নহয় । চালৰ চিকিৎসক নাই । এজন শিশু ,এজন ই এন টি , এজন চকুৰ , এজন আল্টাচাউণ্ড চিকিৎসকৰ দ্বাৰাই জিলা চিকিৎসালয়খনৰ চিকিৎসা চলি আছে । তেনেক্ষেত্ৰত সোণাপুৰ ডিমৰীয়া অঞ্চলকে ধৰি নগাঁও মৰিগাঁও জিলাৰ উপৰিও সীমামুৰীয়া মেঘালয়ৰ পৰা অহাও বহু সংখ্যাক ৰোগীৰ ভৰষা চিকিৎসালয়খনত সময়ত উপযুক্ত চিকিৎসা নোপোৱাটো তেনেই সাধাৰণ কথা । যোৱা এই দুদিনৰ ঘটনাক লৈ ডিমৰীয়া অঞ্চলৰ ৰাইজৰ অসম চৰকাৰলৈ দাৱী জিলা চিকিৎসালয়খনৰ উন্নত আন্তগাঠনি তৈয়াৰ কৰি অভাব হৈ থকা চিকিৎসক কৰ্মচাৰী তথা চিকিৎসাৰ প্ৰয়োজনীয় সা- সজুলি যোগান ধৰা । প্ৰয়োজনীয় চিকিৎসক তথা চিকিৎসাৰ অভাব যাতে কোনো ৰোগীৰ মৃত্যু হৈ পুনৰ অপ্ৰীতিকৰ ঘটনাৰ সৃষ্টি নহয় ।

Leave A Reply

Your email address will not be published.