চৰকাৰী চিকিৎসালয়ত নথকা ঔষধ লিখিব নোৱাৰিব চিকিৎসকে: স্বাস্থ্য মন্ত্ৰীৰ নতুন নিৰ্দেশ । Ashok Singhal

৩১, জানুৱাৰী, ২০২৫ঃ  Ashok Singhal । ৰাজ্যৰ চৰকাৰী চিকিৎসালয়সমূহত ৰোগীৰ সুবিধাৰ্থে নতুন নিৰ্দেশনা জাৰি কৰিছে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী। এই নির্দেশনা অনুসৰি, চিকিৎসালয়ত উপলব্ধ নথকা ঔষধ চিকিৎসকৰ প্ৰেছক্ৰিপচনত লিখিবলৈ নিষেধ কৰা হৈছে। যদি কোনো চিকিৎসকে এই নিয়ম উলংঘা কৰে, তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

স্বাস্থ্য মন্ত্ৰীয়ে উল্লেখ কৰিছে যে চৰকাৰী চিকিৎসালয়ত দৰৱৰ যোগান নিশ্চিত কৰাৰ বাবে চৰকাৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। তথাপি, যদি কোনো ৰোগীক দৰৱ লাভ কৰাত অসুবিধা হয় বা কোনো চিকিৎসকে নিয়মভংগ কৰে, তেন্তে ভুক্তভোগীয়ে অভিযোগ দাখিল কৰিব পাৰে। অভিযোগৰ বাবে বিশেষ নম্বৰ 98645-41430 সক্ৰিয় কৰা হৈছে।

এই ব্যৱস্থা ৰোগীৰ সুৰক্ষা আৰু চিকিৎসা সেবাৰ গুণগত মান বৃদ্ধি কৰিবলৈ গ্ৰহণ কৰা হৈছে। চিকিৎসালয়সমূহত এই নতুন নিয়ম কঠোৰভাৱে মানি চলাৰ নিৰ্দেশ দিয়া হৈছে।

Related Articles