Breaking

‘কেমেৰা লগতলৈ কোনোবাই ধ্যান কৰে নেকি?’ কন্যাকুমাৰীত প্ৰধানমন্ত্ৰী মোদীৰ ধ্যানকলৈ উপহাস বংগৰ মুখ্যমন্ত্ৰী মমতাৰ…

0 31

‘কেমেৰা লগতলৈ কোনোবাই ধ্যান কৰে নেকি?’ কন্যাকুমাৰীত প্ৰধানমন্ত্ৰী মোদীৰ ধ্যানকলৈ উপহাস কৰিলে বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে।২০২৪ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সমাপ্তি ঘটাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কন্যা কুমাৰীলৈ যাব আৰু তাত তিনি দিন ধৰি ধ্যান কৰিব। ২০১৯ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ পিছতো কেদাৰনাথত ধ্যান কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। সেই সময়ত মোদীৰ ধ্যান কৰাৰ বিভিন্ন মুহূৰ্ত ছ’চিয়েল মিডিয়া আৰু সংবাদমাধ্যত দেখুওৱা হৈছিল।

২০২৪ চনৰ লোকসভা প্ৰচাৰৰ শেষত প্ৰধানমন্ত্ৰীয়ে কন্যাকুমাৰীত একেদৰেই ধ্যান কৰিব। মোদীৰ ধ্যানকলৈ কটাক্ষ কৰিছে তৃণমূলৰ মুৰব্বী মমতা বেনাৰ্জীয়ে। মমতাৰ প্ৰশ্ন, ধ্যান কৰোঁতে কোনোবাই কেমেৰা লগত কেমেৰা নিয়ে নেকি? বাৰুইপুৰত এখন জলসভাত মমতাই কয় , “আপুনি আৰু নাথাকিব মোদীবাবু৷ আপোনাৰ সময় ৪ জুনলৈকে। বৰঞ্চ আপুনি গৈ ধ্যান কৰক। কিন্তু ধ্যান কৰি থাকোঁতে কোনোবাই কেমেৰা লৈ ধ্যান কৰে নেকি?” মমতা বেনাৰ্জীয়ে অভিযোগ কৰে “যোৱা নিৰ্বাচনৰ আগে আগে প্ৰতিবাৰেই ক’ৰবাত মোদীয়ে ধ্যানত বহি আছিল।”


মমতাই লগতে কয়, “মোৰ বৰ দুখ লাগে, কিয় সকলোৱে নিমাত। কোনেও কিয় প্ৰতিবাদ নকৰে? মোৰ বৰ দুখ লাগে সেই ঠাইখন ঋষি অৰবিন্দই নিৰ্মাণ কৰিছিল। স্বামী বিবেকানন্দৰ অতি প্ৰিয় ঠাই আছিল। এতিয়া সেয়া আৰ এছ এছে ল’লে।” মমতাই মোদীক কটাক্ষ কৰি কয় “তেওঁ হোনো ঈশ্বৰৰ দূত। সেয়ে তেওঁৰ ধ্যান কৰাৰ প্ৰয়োজন নাই।” উল্লেখ্য সাতটা পৰ্যায়ত অনুষ্ঠিত হোৱা দেশৰ লোকসভা নিৰ্বাচনৰ অন্তিম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ চলি আছে। নিৰ্বাচনী প্ৰচাৰৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে দেষৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি ফুৰিছে। অন্তিম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ অন্ত পৰাৰ পিছতে মোদীয়ে তিনিদিনৰ বাবে ধ্যান বিৰতি গ্ৰহণ কৰিব। ইয়াৰ বাবে তেওঁ স্বামী বিবেকানন্দই ধ্যান কৰা কন্যা কুমাৰীলৈ যোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। ৩০ মে’ত আধ্যাত্মিক যাত্ৰাৰ অৰ্থে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কন্যাকুমাৰী ভ্ৰমণ কৰিবলৈ সাজু হৈছে।

স্বামী বিবেকানন্দই ধ্যান কৰা প্ৰখ্যাত বিবেকানন্দ ৰক মেম’ৰিয়েলত ধ্যান কৰি মোদীয়ে তিনিদিন কটাব। ৩০ মে’ৰ সন্ধিয়াৰ পৰা ১ জুনৰ সন্ধিয়ালৈকে প্ৰধানমন্ত্ৰীয়ে তাত ধ্যান কৰি থাকিব বুলি জানিব পৰা গৈছে। ভাৰতীয় জনতা পাৰ্টিৰ এগৰাকী জ্যেষ্ঠ নেতাই অৱগত কৰে যে প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণ কোনো দলীয় কাৰ্যসূচীৰ সৈতে জড়িত নহয়, আৰু এই ভ্ৰমণৰ বিশদ পৰিকল্পনা এদিন আগতীয়াকৈ আনুষ্ঠানিকভাবে প্ৰকাশ কৰা হ’ব। মোদীৰ এই আধ্যাত্মিক ভ্ৰমণ ১ জুনত লোকসভা নিৰ্বাচনৰ চূড়ান্ত পৰ্যায়ৰ ভোটদানৰ আগদিনা অন্ত পৰিব। সেইদিনা ভোটদান হ’বলগীয়া সমষ্টিসমূহৰ ভিতৰত উত্তৰ প্ৰদেশৰ মোদীৰ সমষ্টি বাৰাণসীও আছে। ৪ জুনত ৫৪৩খন লোকসভা আসনৰ ফলাফল ঘোষণা কৰা হ’ব। উল্লেখ্য স্বামী বিবেকানন্দই ধ্যান কৰা স্থান হিচাপে বিবেকানন্দ ৰক মেম’ৰিয়েলৰ এক ঐতিহাসিক আৰু আধ্যাত্মিক তাৎপৰ্য আছে।

Leave A Reply

Your email address will not be published.