Breaking

মুখ ধোৱাৰ পিছত মুখখন পুনৰ আঠাযুক্ত হৈ পৰে নেকি! বাৰিষাৰ সময়ত সঘনাই ফেচ ৱাছ ব্যৱহাৰ কৰিব লাগেনে…

0 33

বাৰিষাৰ সময়ত মুখখন সকলো সময়তে আঠাযুক্ত হৈ পৰে! ফেচ ৱাছ যিমানেই ব্যৱহাৰ নকৰক কিয়, অলপ পিছতে মুখখন আঠাযুক্ত হৈ পৰে! তেলীয়া ছালৰ লোকৰ এই ধৰণৰ সমস্যা বেছি হয়। বহুতে ভাবে যে বাহিৰলৈ নগ’লে মুখখন ধুব নালাগে। কাৰণ ঘৰৰ ভিতৰত ৰাস্তাৰ দৰে ধূলি নাই। কিন্তু বিশেষজ্ঞসকলে মতে ৰাতিপুৱা সাৰ পাই ফেচ ৱাশ্বৰ দ্বাৰা এবাৰ মুখ ধুলে কোনো ক্ষতি নহয়। টোপনিৰ সময়ত ছালৰ গ্ৰন্থিৰ পৰা নিঃসৰণ হোৱা চেবাম মুখত জমা হয়। ৰাতিপুৱা সাৰ পাই কেৱল পানীৰে মুখ ধুলে তেলীয়া মুখ সহজে পৰিষ্কাৰ নহয়। আনহাতে, কৰ্মস্থলীৰ পৰা ঘৰলৈ উভতি অহাৰ পিছত বা ৰাতি শোৱাৰ আগতে মুখৰ পৰা মেকআপ, ধূলি আৰু বালি পৰিষ্কাৰ কৰি ছালখন সুস্থ কৰি ৰখাটোও জৰুৰী।


যেতিয়ালৈকে ছালখন পৰিষ্কাৰ কৰি ৰখা হয়, তেতিয়ালৈকে সমস্যা নহয়। আনহাতে বহুতে বাৰে বাৰে ফেচৱাছেৰে মুখ ধুই থাকে। এনে কৰিলে লাভতকৈ ক্ষতিৰ আশংকা বেছি। কাৰণ, ফেচ ৱাছত থকা ৰাসায়নিক উপাদানে ছালৰ পি এইচ বেলেন্স ধ্বংস কৰিব পাৰে। কিমান সঘনাই ফেচ ৱাছ ব্যৱহাৰ কৰিব লাগে সেয়া ব্যক্তিজনৰ ছালৰ ধৰণৰ ওপৰত নিৰ্ভৰ কৰে। যেনে, কাৰোবাৰ ছাল তেলীয়া হ’লে দিনটোত তিনি-চাৰিবাৰ মুখ ধুব পাৰে। শুকান ছালৰগৰাকীয়ে দুবাৰ ব্যৱহাৰ কৰিব লাগে। সংবেদনশীল ছালৰ লোকে সঘনাই ফেচৱাছ ব্যৱহাৰ কৰিব নালাগে।

Leave A Reply

Your email address will not be published.