Breaking

ডোহা ডাইমণ্ড লীগ ২০২৪ঃ মাত্ৰ দুই চেণ্টিমিটাৰৰ বাবে দ্বিতীয় স্থানেৰে ৰূপৰ পদক লাভ নীৰজ চোপ্ৰাৰ…

0 16

অলিম্পিক আৰু বিশ্ব চেম্পিয়ন নীৰজ চোপ্ৰাই ডোহা ডাইমণ্ড লীগৰ মিটিং জেভেলিন থ্ৰ’ ইভেণ্টত দ্বিতীয় স্থান দখল কৰে। প্ৰসংগক্ৰমে যোৱা বছৰ দোহা ডাইমণ্ড লীগত নীৰজে ৮৮.৬৭ মিটাৰ নিক্ষেপ কৰি সোণৰ পদক লাভ কৰিছিল। এইবাৰ তেওঁ সেই লক্ষ্যত উপনীত হ’ব নোৱাৰিলে। তুৰ্কি আৰু দক্ষিণ আফ্ৰিকাত অনুশীলন কৰি ডোহালৈ আহিছিল নীৰজে যোৱা বছৰ ডোহা ডাইমণ্ড লীগত সোণৰ পদক লাভ কৰিছিল। সেই মঞ্চত নীৰজ চোপ্ৰাই এইবাৰ ৰূপৰ পদক লাভ কৰে। ছিজনৰ প্ৰথম ইভেণ্টত ভাৰতৰ ষ্টাৰ জেভেলিন থ্ৰ’ ৮৮.৩৬ মিটাৰত টকিঅ’ অলিম্পিকত ৰূপৰ পদক লাভ কৰে। চেক গণৰাজ্যৰ জাকুব ভালডিচে ঘৰলৈ লৈ যায় সোণৰ পদক। তেওঁ ৮৮.৩৮ মিটাৰ জেভেলিন নিক্ষেপ কৰে। মাত্ৰ দুচেণ্টিমিটাৰমানৰ বাবেই প্ৰথম হ’ব নোৱাৰিলে নীৰজ।

খেলৰ অন্তত নীৰজে কয়, ‘মোৰ চকু পেৰিছ অলিম্পিকৰ ওপৰত। কিন্তু ডাইমণ্ড লীগ সমানেই গুৰুত্বপূৰ্ণ। মাত্ৰ দুচেণ্টিমিটাৰত মই দ্বিতীয় স্থানত আহিলো। অহাবাৰ আৰু দূৰত্ব নিক্ষেপ কৰিবলৈ চেষ্টা কৰিম।” তেওঁ আৰু কয়, ‘কাটাৰত ভাৰতীয় দৰ্শকৰ পৰা আমি যি সমৰ্থন লাভ কৰিছো সেয়া অতুলনীয়। ধন্যবাদ দিবলৈ শব্দ নাই। ভাৰতীয় হোৱাৰ বাবে গৌৰৱ।”

Leave A Reply

Your email address will not be published.