Donald Trump: বিৰোধীৰ প্ৰশ্নৰ সন্মুখত নতুন নিৰ্দেশনা ! আমেৰিকাৰ নিৰ্বাচনী প্ৰক্ৰিয়া পৰিৱৰ্তনৰ নিৰ্দেশ ট্ৰাম্পৰ

আমেৰিকাৰ নিৰ্বাচনী প্ৰক্ৰিয়া পৰিৱৰ্তনৰ নিৰ্দেশ ট্ৰাম্পৰ, আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে নাগৰিকত্বৰ প্ৰমাণ বাধ্যতামূলক কৰিলে। ট্ৰাম্পৰ নতুন কাৰ্যবাহী আদেশ অনুসৰি নাগৰিকত্বৰ প্ৰমাণ অবিহনে কোনো ভোটাৰে আমেৰিকাত ভোটদানৰ বাবে পঞ্জীয়ন কৰিব নোৱাৰিব। তদুপৰি নির্বাচনৰ দিনলৈকে সকলোৱে ভোটদান কৰিব লাগিব বুলিও নিদেৰ্শত উল্লেখ আছে৷(Donald Trump)

ভোটাৰ হিচাপে পঞ্জীয়ন কৰিবলৈ নাগৰিকত্বৰ প্ৰমাণ বাধ্যতামূলক! আমেৰিকাই নিজৰ নিৰ্বাচনী প্ৰক্ৰিয়াত এক বৃহৎ পৰিৱৰ্তন আৰম্ভ কৰিবলৈ ওলাইছে। এই সন্দৰ্ভত মঙলবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এক কাৰ্যকৰী নিদেৰ্শনাত স্বাক্ষৰ কৰে। কেৱল নাগৰিকত্বৰ প্ৰমাণেই নহয়, নতুন নিৰ্দেশনা অনুসৰি নিৰ্বাচনৰ দিনলৈকে সকলো বেলট পোৱাটো নিশ্চিত কৰিব লাগিব। ট্ৰাম্পৰ মতে নিৰ্বাচনত স্বচ্ছতা নিশ্চিত কৰিবলৈ নিৰ্বাচনী প্ৰক্ৰিয়াৰ পৰিৱৰ্তনৰ প্ৰয়োজন।

কেৱল আমেৰিকাৰ বাসিন্দাসকলেহে ভোটদান কৰিব পাৰিব। আন দেশৰ নাগৰিকে যাতে ভোটদান বা নিৰ্বাচনী প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিব নোৱাৰে তাৰ বাবে নিশ্চিত কৰা হ’ব। ট্ৰাম্পে কয় যে বৰ্তমানৰ আইনসমূহ অধিক কঠোৰভাৱে বলবৎ কৰা উচিত। ভোটিং ব্যৱস্থাত কাগজৰ বেলট বাধ্যতামূলক বুলিও তেওঁ নিৰ্দেশ দিয়ে! ট্ৰাম্পে স্পষ্ট কৰি দিছে যে কোনো ধৰণৰ প্ৰৱঞ্চনা সহ্য কৰা নহ’ব।

ট্ৰাম্পে দীৰ্ঘদিন ধৰি নিৰ্বাচনত অনিয়ম আৰু প্ৰৱঞ্চনাৰ অভিযোগ উত্থাপন কৰি আহিছে। এই সন্দৰ্ভত তেওঁ বাৰে বাৰে উদ্বেগ প্ৰকাশ কৰা দেখা গৈছে। ডাকযোগে ভোটদান প্ৰক্ৰিয়াক লৈ তেওঁৰ বিশেষ আপত্তি আছিল। ট্ৰাম্পৰ মতে, নিৰ্বাচনৰ পিছতো বহু ৰাজ্যই মেইল ​​ইন বেলট গ্ৰহণ কৰি আছে। ইয়াৰ ফলত নিৰ্বাচনৰ স্বচ্ছতাক লৈ প্ৰশ্ন উত্থাপন হৈছে। নতুন নিৰ্দেশনা কাৰ্যকৰী হ’লে সেই সুবিধা বন্ধ কৰা হ’ব। যদি এই নিৰ্দেশনা মানি নচলে, তেন্তে তেওঁলোকৰ আৰ্থিক সাহায্য কৰ্তন কৰা হ’ব।

Related Articles