Breaking

শাওণ মাহৰ সোমবাৰে দান কৰক এই সমূহ বস্তু; জীৱনলৈ আহিব সফলতা…

0 119

শাওণ মাহৰ সোমবাৰে দান কৰক এই সমূহ বস্তু; জীৱনলৈ আহিব সফলতা। আজি শাওণ মাহৰ দ্বিতীয়টো সৱন সোমবাৰ, লগতে আজিও অমাৱস্যাও। এনে পৰিস্থিতিত ভোলানাথক পূজা আৰু পবিত্ৰ কৰাৰ উপৰিও আজিয়েই দান কৰক কিছু বিশেষ বস্তু। শাওণ মাহৰ সোমবাৰে ভগৱান মহাদেৱক পূজা কৰিলে, উপবাসে থাকিলে বহুতো উপকাৰ পোৱা যায় বুলি এক লোকবিশ্বাস আছে। আজিৰ দিনটোত বস্তু দান কৰি দোষ-ত্ৰুটি আঁতৰি যাব আৰু গ্ৰহবোৰে শুভ ফল দিব-

  • শাওণ মাহৰ সোমবাৰে শিৱলিংগত কেঁচা গাখীৰ ঢালক। লগতে আজিয়েই কেঁচা গাখীৰ দান কৰক। চন্দ্ৰ ৰাশিফলত শক্তিশালী হৈ শুভ ফল দিব।

যিসকলৰ ৰাশিফলত দুৰ্বল চন্দ্ৰ আছে, তেওঁলোকে শাওণ মাহৰ সোমবাৰে দৰিদ্ৰ আৰু আৰ্তজনক চাউল, চেনি, ঘিউ আৰু গাখীৰ দান কৰিব লাগে। এই কাম কৰিলে ভগৱান শিৱ সন্তুষ্ট হয় আৰু চন্দ্ৰ ৰাশিফলত শক্তিশালী হৈ শুভ ফল দিবলৈ আৰম্ভ কৰিব।

  • আজি সোমবাৰ আৰু অমৱস্যা , এই উপলক্ষে ক’লা তিল পানীত মিহলাই ভগৱান শিৱক অৰ্পণ কৰক। লগতে ক’লা তিল দান কৰিব। এনে কৰিলে শনি দোষ আঁতৰি যাব। যদি আপুনি এই কাম কৰিব নোৱাৰে তেন্তে অন্ততঃ কোনোবা দুখীয়া মানুহক অলপ টকা দিব।
  • শাওণ সোমবাৰৰ দিনা এটা মন্দিৰত এটা নতুন ঝাড়ু দান কৰক, ইয়াৰ দ্বাৰা দেৱী লক্ষ্মী সুখী হ’ব আৰু আপোনাৰ আৰ্থিক অৱস্থাও উন্নত হ’ব। আপোনাৰ উপাৰ্জন বাঢ়িব, জীৱনলৈ সুখ-সমৃদ্ধি বাঢ়িব।

Leave A Reply

Your email address will not be published.