ডায়েবেটিছ হ’লে খেজুৰ নাখাব! ডায়েবেটিছ ৰোগীয়ে খাব পাৰে খেজুৰৰ গুটি! কেনেকৈ খাব…

খেজুৰত চেনিৰ পৰিমাণ বেছি।ডায়েবেটিছ ৰোগীয়ে খেজুৰ খাব নালাগে।কিন্তু খেজুৰৰ গুটিত কিছুমান উপাদান থাকে, যিয়ে তেজত থকা গ্লুক’জক শক্তিলৈ ৰূপান্তৰিত কৰাত সহায় কৰে! ইয়াৰ উপৰিও খেজুৰৰ গুটিত আঁহ থাকে, যিয়ে পাচনতন্ত্ৰৰ বিকাৰ নিৰাময়তো সহায় কৰে। খেজুৰৰ গুটিত থকা এন্টিঅক্সিডেন্টে শৰীৰত থকা ফ্ৰী ৰেডিকেলৰ ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰে। ফলত কোষবোৰ সহজে ধ্বংস নহয়। কিন্তু খেজুৰৰ গুটি কেনেকৈ খাব জানেন-

খেজুৰ খোৱাৰ পিছত গুটিবোৰ ভালদৰে ধুব লাগে। খেজুৰৰ কোনো অংশ গুটিৰ ওপৰত নাৰাখিব। গুটিবোৰ কেইদিনমান ৰ’দত থৈ শুকুৱাব লাগে। কেৰাহীত গুটিখিনি দি অলপ সময় লৰাই থাকিব। কেৰাহীখন লৰাই লোৱাৰ পিছত স্বাভাৱিক উষ্ণতালৈ অহালৈকে অপেক্ষা কৰক। তাৰ পিছত খেজুৰ গুটিখিনি মিক্সাৰত পিহি লওক। খেজুৰৰ গুটি থেতেলিয়াই বায়ু সোমাব নোৱাৰা কাঁচৰ পাত্ৰত ৰাখিব। এইবাৰ তাৰ আধা চামুচ লৈ কুহুমীয়া পানীত মিহলাই খাব। প্ৰতিদিনে এই অভ্যাস বজাই ৰাখিলে ইয়াৰ সুফল লাভ কৰিব।

Related Articles