Breaking

কেঁচা জলকীয়া নাখাই নেকি? আজিৰে পৰা খোৱা আৰম্ভ কৰক…

0 59

কেঁচা জলকীয়া নাখাই নেকি? আজিৰে পৰা খোৱা আৰম্ভ কৰক। পটাছিয়াম, আইৰণ, কপাৰ, ভিটামিন বি ৬, ভিটামিন এ, ভিটামিন চি আদি পুষ্টিকৰ উপাদানেৰে ভৰপূৰ কেঁচা জলকীয়া। কেঁচা জলকীয়া স্বাস্থ্য আৰু ছাল উভয়ৰে বাবে অপৰিহাৰ্য। জানো আহক কেঁচা জলকীয়া খোৱাৰ সুবিধা সমূহৰ বিষয়ে-


১/ কেঁচা জলকীয়া খালে বিষৰ পৰা উপশম পাব পাৰি। বিশেষকৈ বাতবিষৰ দৰে বিষত উপশম পোৱা যায়।আচলতে ইয়াত থকা কেপচাইচিন নামৰ যৌগটোৱে বিষ নিৰাময়ৰ কাম কৰে।

২) হৃদযন্ত্ৰক সুস্থ কৰি ৰখাত কেঁচা জলকীয়া উপকাৰী বুলি প্ৰমাণিত হ’ব পাৰে। নিয়মিতভাৱে কেঁচা জলকীয়া খালে কলেষ্টেৰল আৰু ট্ৰাইগ্লিচাৰাইডৰ মাত্ৰা হ্ৰাস কৰি এথেৰ’স্কলেৰ’ছিছৰ দৰে ৰোগ প্ৰতিৰোধ কৰিব পাৰি। যাৰ বাবে হৃদৰোগৰ সম্ভাৱনা কমিব পাৰে।

৩) ঠাণ্ডা সকাহ পাবলৈ কেঁচা জলকীয়া খাব পাৰে। আচলতে ইয়াত কেপচাইচিন নামৰ যৌগ এটা থাকে, যিয়ে তেজ চলাচলক উদ্দীপিত কৰে, যাৰ ফলত শ্লেষ্মাৰ নিঃসৰণ পাতল হৈ পৰে।

৪/ যদি আপুনি ওজন কমাব বিচাৰে তেন্তে আপুনি আপোনাৰ খাদ্যত কেঁচা জলকীয়া অন্তৰ্ভুক্ত কৰিব পাৰে।

৫) গৱেষণাৰ মতে কেঁচা জলকীয়াত ভিটামিন চি থাকে যিয়ে ছালত কলাজেন সংশ্লেষণ বৃদ্ধি কৰাত সহায় কৰে। গ্ল’য়িং সুস্থ ছালৰ বাবে ই অতি প্ৰয়োজনীয়।

৬) কেঁচা জলকীয়াই হজম শক্তিও উন্নত কৰিব পাৰে। কাৰণ ইয়াত অত্যধিক পৰিমাণৰ খাদ্য আঁহ থাকে। এইদৰে ই মলত্যাগ সহজ কৰাত সহায় কৰে। বৃহদান্ত্ৰ পৰিষ্কাৰ কৰে, কোষ্ঠকাঠিন্য দূৰ কৰে।


Leave A Reply

Your email address will not be published.