সন্ধিয়া ৬ বজাৰ পিছত নাখাব ‘স্নেকচ’…

সন্ধিয়া ৬ বজাৰ পিছত ‘স্নেকচ’ খোৱাত বাধা প্ৰদান কৰিছে বিশেষজ্ঞসকলে। কাৰণ ইয়াত নিমখ আৰু তেল অতিমাত্ৰা থাকে। সকলো খাদ্য খোৱাৰ উপযুক্ত সময় আছে। যেতিয়া আপুনি সঠিক সময়ত খাদ্য গ্ৰহণ নকৰে তেতিয়া বহু গুৰুতৰ ৰোগৰ আশংকা হ’ব পাৰে। বিশেষজ্ঞসকলে কয় যে যিকোনো সময়তে স্নেকচ খালে শৰীৰত বহু বেয়া প্ৰভাৱ পৰিব পাৰে। ‘মিৰ’ৰ’ৰ প্ৰতিবেদন অনুসৰি সন্ধিয়া ৬ বজাৰ পিছত আৰু নিশা ৯ বজাৰ পিছত স্নেকচ খোৱাটো স্বাস্থ্যৰ বাবে বেয়া। আজিকালি মানুহে টিভি, মোবাইল, চিনেমা চাই থাকোঁতে প্ৰায়ে স্নেকচ খায়। ইয়াৰ ফলত বহু ৰোগৰ সম্ভাৱনা বৃদ্ধি পায়। যদি আপোনাৰ কিবা এটা খাবলৈ মন যায়, তেন্তে আপুনি স্বাস্থ্যকৰ বস্তু খাব পাৰে। ফলমূল আৰু শাক-পাচলিৰ লগতে নিমখবিহীন বাদাম আৰু সামান্য পৰিমাণৰ ডাৰ্ক চকলেট খাব পাৰে।

বহু গৱেষণাই এই কথাও কয় যে গভীৰ নিশা খাদ্য খোৱা উচিত নহয়। কাৰণ ইয়াৰ ফলত ওজন বৃদ্ধিৰ আশংকা সৃষ্টি হয়। এক গৱেষণাত পোৱা গৈছে যে খাদ্য খোৱাৰ লগে লগে শুলে তেজত চৰ্বি বৃদ্ধি পায়। ৰাতিৰ আহাৰ খোৱা আৰু শোৱাৰ মাজত সদায় ২-৩ ঘণ্টাৰ ব্যৱধান থাকিব লাগে। সন্ধিয়া ৭-৮ বজাৰ ভিতৰত ৰাতিৰ আহাৰ গ্ৰহণ কৰি নিশা ১০ বজাৰ ভিতৰত শুব। এই অভ্যাসবোৰ গ্ৰহণ কৰাৰ লগতে ব্যায়াম আৰু স্বাস্থ্যসন্মত খাদ্য খোৱাৰ অভ্যাস গঢ়ি তোলক।

Related Articles