এই ৫ টা খাদ্য নাখাব দৈনিক, খালে হ’ব বৃক্কৰ ক্ষতি…

ডায়েবেটিছক বৃক্কৰ আটাইতকৈ ডাঙৰ শত্ৰু বুলি গণ্য কৰা হয়।আনহাতে কিছুমান খাদ্যইও বৃক্কৰ ক্ষতিৰ কৰে।এনে পৰিস্থিতিত এজন মানুহ সুস্থ হৈ থাকিবলৈ বৃক্ক সুস্থ হোৱাটো অতি প্ৰয়োজনীয়। কিন্তু যদি আপোনাৰ খাদ্যাভ্যাস সঠিক নহয় তেন্তে আপোনাৰ বাবে বৃক্কক ৰোগৰ পৰা ৰক্ষা কৰাটো অতি কঠিন হ’ব পাৰে। আপুনি আপোনাৰ বৃক্ক সুস্থ কৰি ৰাখিবলৈ এই ৫ টা বস্তু খোৱা কমাই দিয়ক-

ভাৰতীয় খাদ্যত নিমখ প্ৰায়ে অতিৰিক্তভাৱে ব্যৱহাৰ কৰা হয়। অধিক পৰিমাণে নিমখ খালে শৰীৰত ছডিয়ামৰ পৰিমাণ বৃদ্ধি পায়, যাৰ ফলত ৰক্তচাপ বৃদ্ধি হোৱাৰ লগতে বৃক্কত চাপ পৰিব পাৰে।

ৰঙা মাংস, গাহৰিৰ মাংস আদি মাংসত প্ৰটিনৰ পৰিমাণ বেছি। অত্যধিক প্ৰ’টিন খালে বৃক্কৰ ওপৰত অতিৰিক্ত বোজা পৰিব পাৰে। যদি ইতিমধ্যে আপোনাৰ বৃক্ক সম্পৰ্কীয় কোনো ৰোগ আছে, তেন্তে ৰঙা মাংস একেবাৰেই নাখাব।

পেকেজ কৰা ফলৰ ৰসত প্ৰায়ে অধিক পৰিমাণে চেনি আৰু কৃত্ৰিম মিঠাই থাকে। এনে পৰিস্থিতিত ইয়াৰ অত্যধিক সেৱনৰ বাবে বৃক্কৰ ক্ষতি হোৱাৰ আশংকা থাকে।

অত্যধিক মদ্যপান কৰিলে বৃক্ককে ধৰি শৰীৰৰ বহু অংগৰ ক্ষতি হয়।মদ্যপানে শৰীৰত বিষাক্ত পদাৰ্থ বৃদ্ধি কৰে।

খাদ্যাভ্যাস উন্নত কৰাৰ লগতে প্ৰচুৰ পৰিমাণে পানী খাওক।

Related Articles