Breaking

শিশুক বেছিকৈ খাবলৈ নিদিব গাখীৰ! অত্যাধিক গাখীৰ খোৱাৰ ফলত কি কি সমস্যা হ’ব পাৰে জানি লওক…

0 49

গাখীৰত প্ৰচুৰ পৰিমাণে কেলচিয়াম, প্ৰটিন আৰু ভিটামিন আদি পুষ্টিকৰ উপাদান থাকে। কিন্তু গাখীৰ অত্যাধিক খালে শিশুসকলক অন্যান্য প্ৰয়োজনীয় পুষ্টিকৰ উপাদানৰ পৰা বঞ্চিত কৰিব পাৰে। শিশুৱে বেছিকৈ গাখীৰ খালে ভোক কমি যায় আৰু আন খাদ্য ত্যাগ কৰে। ইয়াৰ বাবে তেওঁলোকৰ শৰীৰে প্ৰয়োজনীয় ভিটামিন, খনিজ পদাৰ্থ আৰু আঁহ নাপায়। গাখীৰত লেক্ট’জ থাকে, যিটো এক প্ৰকাৰৰ চেনি। বেছিকৈ গাখীৰ খোৱাৰ ফলত শিশুৰ গেছ আৰু কোষ্ঠকাঠিন্যৰ সমস্যা হ’ব পাৰে।


গাখীৰৰ সমান্তৰালকৈ আন পুষ্টিকৰ উপাদানৰে সমৃদ্ধ খাদ্যও দিব লাগে। শিশুৰ বাবে দাইল, শাক-পাচলি, ফল-মূল, শস্য আদি অতি প্ৰয়োজনীয়। শিশুৰ বিকাশৰ বাবে সুষম খাদ্যৰ প্ৰয়োজন।যদি আপোনাৰ সন্তানে গাখীৰ বহুত ভাল পায় তেন্তে আপুনি তেওঁক দিনটোত ১-২ গিলাচ গাখীৰ দিব পাৰে।

Leave A Reply

Your email address will not be published.