Breaking

হাতত লাঠী লৈ চিকিৎসা কৰিছে এজন চিকিৎসকে: নিজেই হৈছে নিজৰ নিৰাপত্তাৰক্ষী

0 583

 ডাঃ সেউজ কুমাৰ সেনাপতিৰ ওপৰত হোৱা বৰ্বৰ আক্ৰমণৰ পিছতে এইদৰে দেখা গল এগৰাকী চিকিৎসকক।নিজেই নিজৰ নিৰাপত্তাৰক্ষী হৈ হাতত লাঠী লৈ চিকিৎসা কৰি গৈছে এইজন চিকিৎসকে। 

ডাঃ দেবেন দত্তৰ হত্যাকাণ্ডত এচাম চাহ বাগিচাৰ উত্তপ্ত লোকে ৰোগীৰ মৃত্যুৰ কাৰণ বনাই মৰিয়াই মৰিয়াই মাৰি পেলোৱাৰ পিছত পুনৰ এগৰাকী কৰণা ৰোগীৰ মৃত্যুৰ কাৰণ চিকিৎসকক বনাই বৰ্বৰ আক্ৰমণ কৰে উত্তপ্ত লোকে। যাৰ ফলত চাকৰিত যোগদানৰ মাত্ৰ এটা সপ্তাহৰ ভিতৰতে বেয়াকৈ আঘাটপ্ৰাপ্ত হৈছিল ডাঃ সেউজ সেনাপতি।

যাৰ বাবে সমগ্ৰ ৰাজ্যজুৰি সংকিত হৈ পৰিছিল চিকিৎসক সকল। সকলোৱে কৰ্মক্ষেত্ৰত নিজৰ নিজৰ নিৰাপত্তা বিচাৰি চৰকাৰৰ ওচৰত প্ৰাৰ্থনা কৰিছিল। নিজৰ জীৱনতো তুচ্চ কৰি কেৱল ৰোগীৰ পিছত লাগি থকাৰ পিছতো এনেদৰে যদি অত্যাচাৰৰ বলি হব লগা হয় তেন্তে কোনোৱে চিকিৎসক বৃত্তিয়ে গ্ৰহণ নকৰিব বুলি অশন্তোষ কৰিছিল চিকিৎসক সকলে।

পিছে ইয়াৰ মাজতে এগৰাকী চিকিৎসকৰ এক কামে সকলোৰে প্ৰশংসা লাভ কৰিছে। চিকিৎসকগৰাকীয়ে চৰাকৰৰ কোনো নিৰাপত্তা ব্যৱস্থালৈ বাট চোৱাৰ সলনি নিজেই নিজৰ সুৰক্ষাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখিছে।

নিজৰ নিৰাপত্তাৰ পথ নিজেই বাছি ললে নগাওঁ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ জ্যেষ্ঠ চিকিৎসক দেবেন বৰা দেবে। হাতত লাঠী লৈ চিকিৎসা কৰি গৈছে ইজনৰ পিছত সিজন ৰোগীক ।

নিজেই নিজৰ নিৰাপত্তাৰক্ষী হৈ পৰিছে নগাঁৱৰ চিকিৎসক ডাঃ দেবেন বৰা।

Leave A Reply

Your email address will not be published.