আধ্যাত্মিক শিক্ষা-চিন্তাৰে অসমীয়া সমাজ ব্যৱস্থাক ত্বৰান্বিত কৰিবলৈ মনুষ্যত্ব সাধনাৰ পৰিৱেশ সৃষ্টি কৰিব লাগিব, বিশ্ব মানৱতাবাদৰ আদৰ্শৰে পৰিচালিত হʼবলৈ মনৰ বিকাশ হ’ব লাগিব।(Dr. Basanta Kumar Goswami) চিন্তাৰে জগত জিনিব পাৰি, কিন্তু তাৰবাবে জীৱনক জীৱিকাৰ পৰা পৃথক কৰি তুলিব লাগিব। দুলীয়াজানৰ কমলাবাৰী নামঘৰৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন সভাত ‘বৰ্তমানৰ সমাজ ব্যৱস্থাত আধ্যাত্মিক জ্ঞানৰ প্ৰাসংগিকতা শীৰ্ষক আলোচনা সভাত আলোচক হিচাপে অংশগ্ৰহণ কৰি অসম সাহিত্য সভাৰ সভাপতি ড০ বসন্ত কুমাৰ গোস্বামীয়ে এইদৰে কয়। আলোচকৰ বক্তব্যত তেওঁ লগতে কয় যে ভাওনা আধুনিক কলালৈ ৰূপান্তৰিত হৈছে ঠিকেই কিন্তু আধ্যাত্মিকতাহীন হৈ পৰিছে।
বৰগীতৰ ৰাগত আধ্যাত্মিকতাৰ চেতনাৰ পৰিৱৰ্তে সুৰীয়া কৰাতহে গুৰুত্ব দিয়া দেখা গৈছে। অংকীয়া নাটৰ গীতো বেসুৰা হ’বলৈ আৰম্ভ হৈছে। প্ৰশ্ন হয়- শিল্পী কোন? প্ৰকৃত শিল্পী আছেনে? সাংস্কৃতিক অনুষ্ঠান চকী ভঙা অনুষ্ঠানলৈ পৰ্যবসিত হৈছে। তেওঁ লগতে সংযোগ কৰি কয় যে নামঘৰ অসমীয়া সমাজৰ অবিচ্ছেদ্য অংগ হৈ পৰিল। কৰ্মৰ মাজেৰে গুৰু বাক্য মানি চলিলে সমাজখন শৃংখলিত হৈ থাকিব।
অন্য এজন আলোচক ড০ সত্যকাম বৰঠাকুৰেও আলোচনা আগবঢ়োৱা সভাখনত অসম সাহিত্য সভাৰ ধনভৰালী মণিৰাম লাহন, অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্যদ্বয় ক্ৰমে তুফেল জিলানী আৰু শংকুসিদ্ধ নাথ, ডিব্ৰুগড় আঞ্চলিক কাৰ্যালয়ৰ সাংগঠনিক সম্পাদক সুনীল গুৰুঙ, তিনিচুকীয়া জিলা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক পুলক গগৈ প্ৰমুখ্যে বহু সংখ্যক সংস্কৃতপ্ৰেমী ৰাইজ উপস্থিত থাকি সহযোগিতা আগবঢ়ায়। সভাৰ আৰম্ভণিতে অসম সাহিত্য সভাৰ সভাপতিগৰাকীক গায়ন-বায়নৰে নামঘৰলৈ আদৰি আনে।