মহান পুৰুষৰ জন্ম সমাজৰ হিতৰ কাৰণে হয়।(Dr. BR Ambedkar) এই কথা সৰ্বজন বিদিত। এনে মহান পুৰুষসকলে(Legendary man) এটা জাতিয়েই নহয় সামগ্ৰীকভাৱে জনসমাজৰ কল্যাণ সাধনত মূখ্য ভূমিকা গ্ৰহণ কৰে।
প্ৰগতিশীল চিন্তা, মানৱ সমাজৰ শোষিত, নিস্পেষিত, অবহেলিত সকলৰ প্ৰাপ্য অধিকাৰ, নিৰৱচ্চিন্ন সাধনাৰে এনে এক পৰ্যায়লৈ লৈ যাব পাৰে যি নদীৰ নিৰৱধি ধাৰাৰ দৰে অনন্ত চেতনাৰে সদা উজ্জীবিত হৈ দেশ আৰু জনতাৰ মংগল সাধনত যোগ্যতাৰ মাপকাঠি হিচাবে পৰিগণিত হয়।
জ্ঞান সাগৰৰ চৰম উচ্চ শিখৰত আৰোহণ কৰা, বিশাল ব্যক্তিত্বৰে বিশ্বৰ বিদগ্ধ সমাজক নেতৃত্ব দিয়া, ভাৰতীয় দলিত শ্ৰেণীৰ পিতৃত্ব অভিধাৰে বিভূষিত, ভাৰতীয় সভ্যতা-সংস্কৃতিৰ অন্যতম নেতা, বিদগ্ধ পণ্ডিত, কালপুৰুষ, ভাৰতৰত্ন ড° ভীমৰাও ৰামজী আম্বেদকাৰ আছিল নতুন ভাৰত গঢ়াৰ অন্যতম প্ৰবাদ পুৰুষ।
এটা সময় আছিল (যি বৰ্তমানেও কৰবাত চলি আহিছে) উচ্চ-নীচ, বৰ্ণ বৈষম্য, জাতি ভেদ ইত্যাদি ইত্যাদি ঠেক আৰু মানুহক শ্ৰেণীকৰণেৰে তলতীয়া কৰি ৰখাৰ যি প্ৰক্ৰিয়া, এই নিয়মৰ আধাৰত দলিত শ্ৰেণী বুলি অভিহিত যি সকল লোক আছিল, সমাজৰ শিক্ষিত শ্ৰেণীটোৱে সদায় সেই সকলক অৱহেলাৰ দৃষ্টিৰে চাইছিল, বিদ্যালয়লৈ যোৱাত বাধা প্ৰদান কৰিছিল,যদিও কোনো শিশু বিদ্যালয়লৈ গৈছিল সেইসকলক অন্য শিশুসকলৰ লগত একেলগে শিক্ষা গ্ৰহণৰ সুবিধা দিয়া নাছিল।
অন্যহাতে অকল বিদ্যালয়েই নহয় উপাসনা গৃহ, ৰাজহুৱা স্থান, উৎসৱ-অনুষ্ঠান আদি সমাজৰ সকলো দিশতে এইসকল আছিল অৱহেলিত, অনাদৃত, নিস্পেষিত। এক কথাত দলিত সকলৰ জন্ম যেন কিবা ডাঙৰ পাপৰ ফলতহে হবলৈ পালে। এনে এক অন্ধ পৰম্পৰাৰে ভাৰতীয় সভ্যতাক আগুৱাই নিয়াৰ সময়তে ১৮৯১ চনৰ ১৪ এপ্ৰিল তাৰিখে মধ্য প্ৰদেশৰ মহু নামৰ এখন ঠাইত এটা দলিত অথবা হৰিজন পৰিয়ালত আম্বেদকাৰৰ জন্ম হয়।
তেওঁৰ পিতৃ ৰামজী মালোজ শকপাল চুবেদাৰ আছিল আৰু মাক আছিল ভীমবাই মোৰ্বাদকাৰ। তেওঁ আছিল পিতৃ-মাতৃৰ জীৱিত পঞ্চম আৰু শেষ সন্তান।১৮৯৬ চনত দাপোলী নামৰ ঠাইখনৰ এখন প্ৰাথমিক বিদ্যালয়ত ভীমৰাওৱে প্ৰাথমিক শিক্ষা গ্ৰহণ আৰম্ভ কৰাৰ সময়তে মাতৃ ভীমবাইৰ আকস্মিক বিয়োগে তেওঁৰ মনত গভীৰ আঘাট দিয়ে।
দৃঢ়মনা ভীমৰাৱে ১৯০০ চনৰ ৭ নৱেম্বৰত চৰকাৰী বিদ্যালয়ত নামভৰ্ত্তি কৰে আৰু সৌভাগ্য ক্ৰমে এগৰাকী ব্ৰাহ্মণ পণ্ডিতৰ সংস্পৰ্শলৈ আহি শিক্ষক গৰাকীৰ স্নেহ পাত্র হৈ উঠে। এয়া আছিল এগৰাকী মহান মনিষিৰ উত্তৰণৰ মাইলৰ খুটি। দেউতাকৰ চাকৰীসূত্রে ভীমৰাও বিভিন্ন ঠাইলৈ ঘুৰি ফুৰিব লগা হৈছিল যদিও অত্যন্ত চুকা বুদ্ধিৰ আম্বেদকাৰে শিক্ষাৰ ধাৰাবাহিকতা কোনোদিনেই এৰি দিয়া নাছিল।
তাৰ মাজতে পিতৃৰ ইচ্ছা অনুসৰি দাপোলীৰে মীৰাবাইৰ লগত ভীমৰাওৰ বিবাহ সম্পন্ন হয়। ১৯০৭ চনত মুম্বাইৰ এলফিনষ্টোন ইাইস্কুলৰ পৰা সুখ্যাতিৰে ভীমৰাৱে মেট্ৰিক উৰ্ত্তিণ হৈ তাতেই কলেজত নামভৰ্ত্তি কৰে। উল্লেখনীয় কথাটো হ’ল ১৯১০ চনত আই.এ পৰীক্ষাত সুন্দৰ ফলাফলেৰে তেওঁ বৰোদাৰ মহাৰাজৰ পৰা মাহে ২৫ টকা বৃত্তি লাভ কৰিবলৈ সক্ষম হয়। ১৯১২ চনত মুম্বাই বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতি আৰু ৰাজনীতি বিজ্ঞানত বি.এ. পাছ কৰে।
তাৰ পিছতে ১৯১৩ চনত ৬৫ বছৰ বয়সত আম্বেদকাৰৰ দেউতাক মৃত্যু হয়। সেই বছৰতে ভীমৰাৱে বৰোদাৰ মহাৰাজা সয়াজীৰাও পায়কোদাৰ বৃত্তি লৈ উচ্চ শিক্ষা গ্ৰহণৰ বাবে আমেৰিকাৰ কলম্বিয়া বিশ্ববিদ্যালয়ত নামভৰ্ত্তি কৰে। ১৯১৫ চনত কলম্বিয়া বিশ্ববিদ্যালয়ৰ পৰা “প্ৰাচীন ভাৰতৰ ব্যৱসায় বাণিজ্য” বিষয়ত থিচিচ লিখি অৰ্থনীতিত এম.এ ডিগ্ৰী লাভ কাৰাৰ পিছতে পিছৰ বছৰ ২ জুনত ‘ভাৰতত জাতীয় লাভাংশ- এক ঐতিহাসীক বিশ্লষণ’ শীৰ্ষক গৱেষণাৰ বিষয়ত পি.এইচ.ডি. ডিগ্ৰী লাভ কৰে।
শিক্ষাৰ সমান্তৰাল ভাৱে ভীমৰাও আম্বেদকাৰে নিস্পেষিত, দলিত সকলৰ সম অধিকাৰ, ন্যায প্ৰাপ্য আদায়ৰ ক্ষেত্রটো সেই সময়ৰ সমাজ ব্যৱস্থাৰ লগত প্ৰতিৱাদ অব্যাহত ৰখাৰ লগতে সবল দাবী উত্থাপন কৰি আহিছিল । তাৰেই ফল স্বৰূপে কোলহাপুৰ মহাৰজাই ক্ষুদ্ৰসকলৰ বাবে বেলেগ স্কুল বন্ধ কৰি সকলোকে একেলগে পঢ়াৰ অধিকাৰ প্ৰদান কৰিছিল। কাৰ্যালয়, পুখুৰী, ধৰ্মশালা আদিত শূদ্ৰ সকলৰ প্ৰৱেশৰ অধিকাৰ প্ৰদান কৰিছিল।
এই গৰাকী ক্ষণজন্মা বিদগ্ধ শিক্ষাবিদে বিশ্বৰ বহু কেইখন আগশাৰীৰ বিশ্ববিদ্যালয়ত অধ্যাপনা কৰি বহু ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হৈছিল। তাৰ ভিতৰত লণ্ডনৰ স্কুল অব ইক’নমিক্স, জাৰ্মানিৰ বন বিশ্ববিদ্যালয়, কলম্বিয়া বিশ্ববিদ্যালয়ৰ ওপৰিও ভাৰতৰ মুম্বাই বিশ্ববিদ্যালয়, পুনে বিশ্ববিদ্যালয় আদি প্ৰধান। তেওঁ লাভ কৰা ডিগ্ৰীও আছিল আকাশলংঘী উচ্চতাৰ।
তাৰ ভিতৰত “বৃটিছ-ভাৰতত প্ৰদেশ ভিত্তিত পূঁজি আৱণ্টন’ শীৰ্ষক থিচিচৰ বাবে এম.এচ.চি. ডিগ্ৰী, “টকাৰ সমস্যা” শীৰ্ষক থিচিচৰ বাবে ডি.এচ.চি. ডিগ্ৰী, ১৯২৫ চনত মুম্বাই বিধান পৰিষদৰ সদস্য, ১৯২৭ চনত ‘বাবাচাহেব’ উপাধী প্ৰদান, কলম্বিয়া বিশ্ববিদ্যালয়ৰ পৰা পি.এইচ.ডি ডিগ্ৰী, মুম্বাই ল’ জাৰ্নেলৰ সম্পাদক মণ্ডলীৰ সদস্য মনোনীত আদি কৰি নানান বিভূষনৰে বিভূষিত মহান কৰ্মযোগী ভীমৰাও ৰামজী আম্বেদকাৰ ভাৰতৰ স্বাধীনতা আন্দোলনৰো কাণ্ডাৰী আছিল। মহামানৱ মহাত্মা গান্ধীৰ লগত কিছু কিছু ক্ষেত্রত মত-বিৰোধ আছিল যদিও দুয়োৱে দুয়োকে অত্যন্ত শ্ৰদ্ধা কৰিছিল।
স্বাধীন ভাৰতৰ প্ৰথম গৰাকী প্ৰধানমন্ত্রী পণ্ডিত জৱাহৰলাল নেহৰুৰ মন্ত্রী সভাত প্ৰথম গৰাকী আইন মন্ত্রী ড° ভীমৰাও ৰামজী আম্বেদকাৰ আছিল বিশ্বৰ আটাইতকৈ ডাঙৰ ভাৰতীয় সংবিধান প্ৰস্তুত সমিতিৰ সভাপতি আছিল। এটা কথা অতি স্পষ্ট যে সেই সময়ত সৰ্বভাৰতীয় পৰ্যায়ত ড° আম্বেদকাৰ আছিল স্বাধীন ভাৰতৰ সংবিধান প্ৰণয়ন কৰা সকলৰ অন্যতম উল্লখনীয় ব্যক্তি। ড° আম্বেদকাৰৰ বিষয়ে লিখি শেষ কৰাৰ সাধ্য আমাৰদৰে অজ্ঞ জনৰ নাই।
কবি যতীন্দ্ৰ নাথ দুৱাৰাৰ এষাৰি কবিতাত লিখাৰ দৰে – “তোমাৰ জীৱনী দেৱ লিখে এনে সাধ্য কাৰ। গোটেই জীৱন জুৰি বিস্তৃত জীৱন যাৰ॥” এই গৰাকী মহান মনিষিয়ে ১৯৫৬ চনৰ ৬ ডিচেম্বৰত মানৱ শৰীৰ ত্যাগ কৰি নিৰ্বান লাভ কৰিলে। হেজাৰ হেজাৰ ভাৰতীয় দলিত, অস্পৃশ্য বুলি ভবা, নিৰ্যাতিত ভাৰত সন্তানৰ আত্মমৰ্যাদা, সামাজিক সন্মানক দৃঢ়তাৰে সামাজিক প্ৰতিষ্ঠা দি থৈ গ’ল।
আচলতে এই কথাও বিচাৰযোগ্য যে এনে হেন বুদ্ধিমত্তা, মূল্যবোধৰ মাপকাঠিৰে আজীৱন সংগ্ৰামী জীৱন অতিবাহিত কৰা ড° আম্বেদকাৰে বিশ্বৰ বুকুত নিজক সঠিকভাৱেই প্ৰতিষ্ঠা কৰিলে যদিও ভাৰতীয় প্ৰেক্ষাপতত আজিও যেন অবহেলিত হৈয়ে ৰ’ল। এয়া যেন ভাৰতীয় সমাজ ব্যৱস্থাৰে পৰিহাস।
লেখকঃ ৰাহুল দেৱ বৰদলৈ