Breaking

ড০ গজেন মিপুন-মনোজ মিপুনক সভাপতি-সম্পাদকৰূপে নিৰ্বাচিত ! ডিমৌত মিপুন বংশাৱলীৰ প্ৰথম সাধাৰণ অধিৱেশন সম্পন্ন…

0 21

ডিমৌত কালিৰে পৰা অনুষ্ঠিত হোৱা মিচিং জনগোষ্ঠীৰ অন্যতম  মিপুন বংশাৱলীৰ প্ৰথমখন সাধাৰণ অধিৱেশনখনি আজি দিনজোৰা কাৰ্যসূচীৰে সমাপন হয়। অসম – অৰুণাচল প্ৰদেশত সিচঁৰিত হৈ থকা মিপুন বংশাৱলীৰ পৰিয়াল সমূহক একত্ৰিত কৰাৰ উদ্দেশ্যে  অনুষ্ঠিত কৰা অধিৱেশনৰ প্ৰথম দিনা প্ৰতিনিধি পঞ্জীয়নৰ পাছত প্ৰতিনিধি সভাখন উদ্ধোধন কৰে অভ্যৰ্থনা সমিতিৰ সভাপতি অশ্বত্থমা মিপুনে।সন্ধিয়াৰ পৰা অনুষ্ঠিত হয় প্ৰতিনিধি সভা।  অধিৱেশনৰ আজি পুৱা ৬ বজাত  সামূহিক চাফাই অভিযান সম্পন্ন কৰাৰ পাছত পুৱা ১১ বজাৰ পৰা  মিপুন বংশাৱলীৰ কেন্দ্ৰীয় সভাপতি ড° গজেন চন্দ্ৰ মিপুনে  সভাপতিত্ব কৰা মুকলি সভাত উদ্বোধনী ভাষণ আগবঢ়াই মিপুন বংশাৱলীৰ সাধাৰণ সম্পাদক মনোজ মিপুনে ।

মুকলি সভাত মুখ্য অতিথিৰূপে উপস্থিত থাকি অৰুণাচল প্ৰদেশৰ শিক্ষা বিভাগৰ অৱসৰপ্ৰাপ্ত  সঞ্চালক বদং য়িৰাঙে কয় –  অৰুণাচলৰ নুমী আৰু অসমৰ মিচিং জনগোষ্ঠীৰ মিপুন সকল একে বংশধৰ বুলি বক্তব্য ৰাখি ভৌগোলিক,প্ৰাকৃতিক, ৰাজনৈতিক আদি  বিভিন্ন পৰিৱেশৰ বশৱৰ্তী হৈ আমাৰ পূৰ্ব পুৰুষ সকলে অসম-অৰুণাচল প্ৰদেশৰ বিভিন্ন প্ৰান্তত বসবাস কৰি আহিছে যদিও পুনৰ আমাৰ মাজত আত্মীয়তা আৰু সৌহাদ্যপূৰ্ণ বাতাবৰণ বৃদ্ধি কৰিব লাগিব বুলি বক্তব্য ৰাখি আগত দিনত মিপুন আৰু নুমী সকলৰ মাজত থকা সম্পৰ্ক অধিক কটকটীয়া কৰাৰ বাবে চেষ্টা চলোৱা হ’ব বুলি ভাষন আগবঢ়ায়।

সভাত নেহু বিশ্ববিদ্যালয়ৰ অধ্যাপক বিজয় মোহন মিপুন, পাতিৰ বংশাৱলীৰ উপদেষ্টা সোণাধৰ পাতিৰ,অৰুণাচল প্ৰদেশৰ জ্যেষ্ঠ স্বাস্থ্য বিষয়া কাংগং য়িৰাং,অৰুণাচলৰ অকেনমাং নুমী, বাসু নুমী, টক্কেপ আপুন,টেমদাং আপুন,পকন্য নুমী, এ চি এছ বিষয়া নীলিমা চায়েঙ্গীয়া,অৰুন্ধতী নৰহ মিপুন, পাতিৰ বংশাৱলীৰ সাধাৰণ সম্পাদক অজয় পাতিৰ, আৰক্ষী বিষয়া কুণ্ডু মিপুন আদি কৰি বহু সংখ্যক গন্যমান্য লোক উপস্থিত থাকে। ইফালে অধিৱেশনৰ প্ৰতিনিধি সভাই ড৹ গজেন মিপুনক পুনৰ সভাপতি, মনোজ মিপুনক পুনৰ সাধাৰণ সম্পাদক, সুখেশ্বৰ মিপুনক সাংগঠনিক সম্পাদক হিচাপে লৈ ৩১ জনীয়াকৈ মিপুন বংশাৱলীৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সমিতিখন তিনিবছৰৰ বাবে গঠন কৰা হয়। লগতে মিপুন বংশাৱলীৰ পৰৱৰ্তী অধিৱেশনখন ২০২৭ চনত তিনিচুকীয়া জিলাৰ জাগুনত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

Leave A Reply

Your email address will not be published.