গুৱাহাটীৰ ক্ষুদ্ৰ ব্যৱসায়ী শ্ৰীহৰিলাল সৰকাৰৰ পুত্ৰৰ দুৰ্ঘটনাত পতিত ড°হিমন্ত বিশ্ব শৰ্মা দেৱে ব্যথিত অনুভৱ

গুৱাহাটীৰ ক্ষুদ্ৰ ব্যৱসায়ী শ্ৰীহৰিলাল সৰকাৰৰ ফুলকুমলীয়া পুত্ৰৰ দুৰ্ঘটনাত পতিত হৈ দুৰ্ভাগ্যজনকভাৱে সন্ধানহীন হোৱাৰ খবৰত মাননীয় মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মা দেৱে ব্যথিত অনুভৱ কৰিছে

চানমাৰি থানাৰ অন্তৰ্গত পশ্চিম জ্যোতিনগৰৰ কালী মন্দিৰৰ সমীপত সংঘটিত দুৰ্ঘটনাস্থলীত মুখ্যমন্ত্ৰী উপস্থিত হৈ বৰ্তমানেও অব্যাহত ৰখা উদ্ধাৰ অভিযানৰ বুজ লয়।

দ্বিতীয় শ্ৰেণীৰ ছাত্জনৰ পিতৃ -মাতৃৰ কাষত উপস্থিত হৈ এই দুৰ্ভগীয়া পৰিয়ালটোক গভীৰ সমবেদনা জ্ঞাপন কৰি মুখ্যমন্ত্ৰী উদ্ধাৰ অভিযান তীব্ৰতৰ কৰাৰ বাবে যথোচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংশ্লিষ্ট বিভাগ আৰু উদ্ধাৰকাৰী দলক নিৰ্দেশনা প্ৰদান কৰে।

Related Articles