Breaking

নলবাৰীত কেবিনেট বৈঠক সমাপ্ত কৰি ড⁰ হিমন্ত বিশ্ব শৰ্মা বৰপেটা সত্ৰত উপস্থিত হয়

0 13

নলবাৰীত কেবিনেট বৈঠক সমাপ্ত কৰি পোনে পোনে বৰপেটালৈ ৰাওণা হয় মুখ্যমন্ত্ৰী ড⁰ হিমন্ত বিশ্ব শৰ্মা ৷

মুখ্যমন্ত্ৰীৰ সৈতে বৰপেটা সত্ৰত উপস্থিত বৰপেটাৰ অভিভাৱক মন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু ভৱানীপুৰৰ বিধায়ক ফনীধৰ তালুকদাৰ ৷

মুখ্যমন্ত্ৰীয়ে বৰপেটা সত্ৰত উপস্থিত হৈ প্ৰথমতে সত্ৰৰ মঠৰ চোতালত সত্ৰত সেৱা লয় ৷

বৰপেটা সত্ৰৰ বুঢ়াভকত হেমেন বাপ আৰু ডেকাসত্ৰীয়া গৌতম পাঠক বাপজনাই আশীষ নিৰ্মালী প্ৰদান কৰে ৷


মুখ্যমন্ত্ৰীয়ে সত্ৰৰ মুল কীৰ্তনঘৰৰ টিনপাত সলনি কৰি নতুন টিনপাত লগোৱা কাৰ্যৰ শুভাৰম্ভ কৰে ৷

ইয়াৰ পিচতে মুখ্যমন্ত্ৰীয়ে বৰপেটা সত্ৰৰ ডেকাসত্ৰীয়া প্ৰমুখ্যে সত্ৰ পৰিচালনা সমিতিৰ সৈতে সত্ৰ পৰিচালনা সমিতিৰ কাৰ্যালয়ত আলোচনাত মিলিত হয়

Leave A Reply