বিশিষ্ট শিক্ষাবিদ, গীতিকাৰ, সুৰকাৰ, কণ্ঠশিল্পী ড° লক্ষহীৰা দাসৰ দেহাৱসান।(Dr. Lakshahira Das)
ৰাজগড়ৰ নিজ বাসগৃহত দেহাৱসান বিশিষ্ট শিক্ষাবিদগৰাকীৰ।
হৃদৰোগত আক্ৰান্ত হৈ নিশা শেষ নিশ্বাস ত্যাগ
৯৪ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ গীতিকাৰ ড০ লক্ষহীৰা দাসৰ
বিশিষ্ট শিক্ষাবিদ, গীতিকাৰ, সুৰকাৰ, কণ্ঠশিল্পী ড° লক্ষহীৰা দাসৰ দেহাৱসানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ শোক প্ৰকাশ। সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীগৰাকীয়ে লিখে- অসমীয়া সংগীতৰ এগৰাকী অম্লান সত্তা ড° লক্ষহীৰা দাস বাইদেউৰ দেহাৱসানৰ খবৰ শুনি ব্যথিত হ’লোঁ৷ যুগজয়ী বহু অমৰ অসমীয়া গীতৰ স্ৰষ্টা ড° লক্ষহীৰা দাস বাইদেউ একাধাৰে আছিল শিক্ষাবিদ, গীতিকাৰ, সুৰকাৰ, কণ্ঠশিল্পী তথা এগৰাকী অতি সাদৰী মহিলা৷ অনাতাঁৰ শিল্পী হিচাপে কেইবাটাও দশক তেখেতে সংগীত অনুৰাগীৰ হৃদয়ত বিশেষ স্থান লাভ কৰিছিল৷ তেখেতৰ অৱদানে সমৃদ্ধ কৰি থৈ গ’ল অসমীয়া সংগীত জগত৷ প্ৰবীণ শিল্পীগৰাকীৰ অতনু আত্মাই সৰগত স্থান লাভ কৰক, সেয়াই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনালোঁ আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ৷