Dr Manmohan Singh: ৯২ বছৰ বয়সত দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙৰ দেহাৱসান, প্ৰধানমন্ত্ৰীগৰাকীৰ বিয়োগত ৭ দিনীয়া ৰাষ্ট্ৰীয় শোক ঘোষণা…

দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙৰ দেহাৱসান। প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ বিয়োগত শোকস্তব্ধ দেশবাসী।দিল্লীৰ এইমছত ৯২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ ড০ মনমোহন সিঙৰ।দিল্লীৰ এইমছত নিশা ৯.৫১ বজাত শেষ নিশ্বাস ত্যাগ কৰে ড০ মনমোহন সিঙে।(Dr Manmohan Singh)

প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা ভাৰতৰ অৰ্থনৈতিক সংস্কাৰৰ মেগাষ্টাৰ ড° মনমোহন সিং আৰু নাই। দিল্লী এইমছত বৃহস্পতিবাৰে নিশা তেওঁৰ মৃত্যু হয়। তেওঁৰ মৃত্যুত কেন্দ্ৰীয় চৰকাৰে ৭ দিনৰ ৰাষ্ট্ৰীয় শোক ঘোষণা কৰিছে। শনিবাৰে ড০ মনমোহন সিঙৰ অন্তিম ৰীতি-নীতি সম্পূৰ্ণ ৰাজ্যিক সন্মানেৰে সম্পন্ন কৰা হ’ব। খবৰ অনুসৰি, শুকুৰবাৰে অনুষ্ঠিত হ’বলগীয়া সকলো চৰকাৰী কাৰ্যসূচী বাতিল কৰা হৈছে। শুকুৰবাৰে কেন্দ্ৰীয় কেবিনেটৰ বৈঠক হ’ব, য’ত প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক শ্ৰদ্ধাঞ্জলি জনোৱা হ’ব। ভাৰতৰ অৰ্থনৈতিক সংস্কাৰৰ পিতৃ মনমোহন সিঙৰ বৃহস্পতিবাৰে নিশা ৯২ বছৰ বয়সত মৃত্যু হয়। ২০০৪–১৪ চনৰ ভিতৰত তেওঁ ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল।

প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ বিয়োগত কংগ্ৰেছে সাত দিনৰ বাবে চৰকাৰী সকলো কাৰ্যসূচী বাতিল কৰিছে। কংগ্ৰেছ সংগঠনৰ সাধাৰণ সম্পাদক কে চি ভেনুগোপালে ছ’চিয়েল মিডিয়া প্লেটফৰ্মত পোষ্ট কৰিছে ‘প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ মৃত্যুত কেন্দ্ৰীয় চৰকাৰে ৭ দিনৰ ৰাষ্ট্ৰীয় শোক ঘোষণা কৰিছে।

শনিবাৰে অনুষ্ঠিত হ’ব প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ শেষকৃত্য অনুষ্ঠান। তেওঁৰ কন্যা আমেৰিকাত থাকে আৰু আজি ৰাতি দিল্লী উপস্থিত হ’ব প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ কন্যা।

Related Articles